মই আৰু মোৰ স্ৱামী পুৰনি ঘৰবোৰৰ ব্য়ৱসায় কৰো। সচৰাচৰ আমি কোনো এটা ঘৰ কমদামত কিনি তাক নতুন ৰূপ দি তাক বেছি দামত বিক্ৰী কৰি মুনাফা আদায় কৰো । মোৰ তেনে কাম কৰি বহুত ভাল লাগে , বিশেষকৈ পুৰনি ঘৰবোৰৰ ৱালবোৰত লাগি থকা সুন্দৰ আৱৰণিবোৰ ,ইংৰাজীত ৱালপেপাৰ (walpaper) বুলি কয়, সেইবোৰ আঁতৰাই মই বহুত ভাল পাঁও । মই আঁতৰাই দিও, আৰু তাৰ পিছত মোৰ স্ৱামীয়ে তাত ৰং কৰি তাৰ সৌন্দৰ্য বঢ়াই তোলে । ক'বলৈ গ'লে ৱালপেপাৰ গুচোৱা কামটোত মই বহুত শান্তি পাও । কঠিন কঠিন ৱালবোৰৰ পৰা ধাৰ থকা চুৰীৰে যেতিয়া আলুৰ পৰা বাকলি গুচোৱাৰ দৰে ৱালপেপাৰৰ তৰপবোৰ কাটি উলিয়াই দিয়া হয়, তাৰ শব্দটো সঁচাকৈয়ে কিবা ধৰণৰ , কিন্তু শুনি মনত কিবা এটা আনন্দৰ শিহৰণ জাগি উঠে। মোৰ ভালদৰে মনত আছে , তেতিয়া জুন মাহৰ উৎকট গৰমৰ দিন আছিল। মই আৰু মোৰ স্বামীয়ে আমেৰিকাৰ পেঞ্চিলভেনিয়াত ঘৰ এটা কিনিছিলো । সময় মোৰ হাতত বহুত আছিল আৰু মোৰ স্বামী আদালতৰ ওচৰত আমি কিনা ঘৰটোৰ কাগজ- পত্ৰবোৰ জমা দিবলৈ গৈছিল। মই নিজৰ কামত লাগি গৈছিলো । তেখেত ঘূৰি অহালৈকে প্ৰায় গধূলি হৈছিল । আমাৰ নতুন ঘৰটোৰ নক্সা একেবাৰে আচৰিত ধৰণৰ আছিল । য'তে ত'তে দুৱাৰ খিৰিকি অপ্ৰয়োজনীয়ভাৱে