সাক্ষাৎকাৰ - অসমীয়া শিহৰণকাৰী গল্প (assamese horror story) - by Benzwrite
মোৰ আগৰে পৰা এগৰাকী সুন্দৰী ছোৱালীৰ লগত ফুৰিবলৈ মন আছিল । কাৰণ মই আছিলো ল'ৰা স্কুলত পঢ়া আৰু সৰুৰে পৰা কোনো ছোৱালীৰ লগতে মোৰ প্ৰেমৰ সম্বন্ধ গঢ় লৈ উঠা নাছিল । তাতে মই সৰুৰে পৰা গোমোঠা আছিলো , কোনো মানুহৰ লগত তেনেকে কথা পাতিবলৈ মোৰ ভয় লাগিছিল । তেনেকুৱা এক শুকান জীৱনত যদি কোনো ছোৱালীয়ে উপযাচি আপোনাক নিজে লগ কৰিব মাতে আপুনি বাৰু নাযাবনে ?নিশ্চয় যাব । মোৰ লগতো তেনেকুৱাই হৈছিল ।তাই হস্পিতেল এখনৰ নাৰ্চ আছিল । দেখাত সুন্দৰ সুঠাম চেহেৰাৰ ছোৱালী জনীৰ মুখত লাৱন্য়ৰ পৰশে যেন সোণত সুৱগা চৰাইছিল । তাইৰ হাঁহিত মই মোৰ জীৱনত বিছাৰি ফুৰা অমৃতকলহৰ সন্ধান পাই গৈছিলো ।
মই তাইক হস্পিতেলৰ মৃতশালৰ সন্মূখত লগ পাইছিলো । তাই মোৰ ফালে চাই মিচিকিয়াই আছিল যেতিয়া মই সেই বিভৎস পৰিবেশৰ পৰা ওলাই আহিব লৈছিলো । তাই মোৰ কাষ চাপি আহিছিল আৰু মোক তাত অহাৰ কাৰণ সুধিছিল । মই আৰু মোৰ বন্ধুৰ এটা দুৰ্ঘটনা হৈছিল আৰু মই সেইকাৰনে হস্পিতেল আহিব লগা হৈছিল।দুৰ্ঘটনাটোত মোৰ মূৰত অলপ দুখ পাইছিলো কিন্তু মোৰ বন্ধুজন বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল । মই তাৰ কাৰণে তাত ৰখি থকা বুলি ক'লো । তাই মোক গেটৰ সন্মুখলৈ থ'ব আহিছিল আৰু সুধিছিল যে "যদি বেয়া নোপোৱা তুমি আজি ৰাতিৰ সাঁজ মোৰ লগত খাবানে ?"
এই কথাষাৰ শুনি যেন মোৰ চকু উজলি উঠিছিল আৰু মই লগে লগে একো নোপোৱাৰ দৰে সন্মতি জনাই পালো । মোৰ উচপিছনি তাই গ'ম পাই গৈছিল আৰু তাই হাঁহি দিছিল । আমি দুটাই আধাঘণ্টা সময় ল'লো আৰু ওচৰৰ ৰেষ্টুৰেণ্টখনত সোনকালে লগ পাম বুলি বিদায় জনালো ।
মই ইমানে বেছি আনন্দত আত্মহাৰা হৈ গৈছিলো যে মোৰ চিন্তা আৰু বুদ্ধি লোপ পোৱাৰ অৱস্থা পাইছিল । মই এবাৰো ভাবিয়ে নাছালো যে মই যি অনুভব কৰি আছো সেয়া কেনেকে সম্ভব ? ইমান ধুনীয়া ছোৱালীজনী মোৰ দৰে গাধ এটাৰ লগত কিয়নো যাব ? কিন্তু মোৰ সেইবোৰ ভাবি সময় নষ্ট কৰিবলৈ মন নাছিল । যি চলি আছে সকলো ভালে চলি আছে আৰু যিহকে তিহকে ভাবি মই মোৰ কাৰণে ইমান ধুনীয়া দিনটো নষ্ট নকৰো । এই বুলি ভাবি মই ৰেষ্টুৰেণ্টখনলৈ ৰাস্তা ল'লো ।
তাই ৰেষ্টুৰেণ্টখনৰ চুকৰ কোণটোত বহি মোৰ বাবে অপেক্ষা কৰি আছিল । আচলতে ৰেষ্টুৰেণ্টখনৰ এই চুকটো প্ৰেমিক-প্ৰেমিকাৰ কাৰনেই বনোৱা হৈছে , ঠাইখন অলপ মানুহৰ পৰা সামান্য় দুৰত । তাই গুলপীয়া ৰঙৰ এটা চাৰ্ট আৰু কলা ৰঙৰ জীনছৰ পেণ্ট এটা পিন্ধিছিল ,তথাপিও যেন ৰেষ্টুৰেণ্টখনৰ ভিতৰত তাইৰ সৌন্দৰ্যই সকলো ম্লান কৰি পেলাইছিল । তাইৰ সৰল সৌন্দৰ্যই মোক আৰু মোহিত কৰি পেলাইছিল । আমাৰ মাজত এক সুমধুৰ কথা-বতৰা আৰম্ভ হ'ল । আমাৰ কথাৰ পৰিধিয়ে অন্তত: চৌপাশৰ সকলো কথাকে সামৰি ল'লে । ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ , ক্ৰিকেটৰ পৰা ফুটবললৈ ,কলাৰ পৰা বিজ্ঞানলৈ একো বাদ নপৰাৰ দৰেই হ'ল । আনকি ভূতৰ কথাও আহিল আমাৰ মাজলৈ । মই ক'লো যে এই সংসাৰত তেনে কোনো বস্তুৰ একো অস্তীত্ব নাই । কিন্তু তাই ওলোটাটোতহে লাগি থাকিল । তাইৰ তেনে কথা দেখি মই তাইক ক'লো যে তুমি কেতিয়াবা ভূত দেখিছা নেকি ? মই অলপ কৌতুহ'লেৰে সুধিছিলো ।
"মই আজিলৈকে দেখা নাই , কিন্তু মোৰ চাবলৈ বৰ মন আছে । তুমি কেতিয়াবা তেনে ভিডিঅ' বোৰ চাইছানে য'ত তেনেকুৱা অস্বাভাৱিক ঘটনাবোৰ ৰেকৰ্ড হৈ যায় । মোৰ তেনেকুৱা অনুভৱ ল'বলৈ বহুত মন যায় জানা । তোমাৰ তেনেকুৱা মন যাইনে ?" তাই সুধিলে ।
"মোৰ মন যাব যদিহে তুমি প্ৰমান কৰি দেখুৱাব পাৰা যে তেনেকুৱা কিবা বস্তুৰ অস্তীত্ব আ্ছে ।" - মই সৰলতাৰে ক'লো ।
"সেইতো তুমি চিন্তা কৰিব নালাগে , তেওলোকে নিজেই দেখা দিব তোমাক । কেতিয়াবা তেওলোক আমাৰ ওচৰতে থাকে কিন্তু আমি দেখি পালেও গ'ম নাপাও । কেতিয়াবা তেওলোকে নিজেও গ'ম নাপায় । "-তাই ক'লে ।
কথাটোত মই তেনেদৰে গুৰুত্ব নিদি মই ক'লো ," তেনেহ'লে তুমি এ কোৱাচোন , এলিয়েন বোৰৰ ওপৰত তোমাৰ কি মন্তব্য় ?"
"মই ইয়াৰ বিষয়ে একো নাজানো কিন্তু হয়তো তেওলোকো নথকা নহয় । এই পৃথিৱীত সকলো সম্ভৱ । "-তাই ক'লে ।
তেনেকৈয়ে আমি অলপ সময় বহি থকিলো । কিন্তু এটা কথা ক'ব লাগিব যে ৰেষ্টুৰেণ্টখন একেবাৰে ফালতু আছিল , আধাঘণ্টা ধৰি বহিলো কিন্তু কোনেও আমাৰ অৰ্ডাৰ ল'বলৈ নাহিল । অৱশ্য়ে পিছতহে গ'ম পালো অৰ্ডাৰ কাউণ্টাৰত দিব লাগে । আমি আমাৰ মুৰ্খামিৰ কাৰণে হাঁহিলো আৰু ৰেষ্টুৰেণ্টখনৰ পৰা ওলাই আহিলো ।
ৰাস্তাবোৰ আন্ধাৰ আছিল । যোৱা কিছুদিনৰ পৰা দেশত আবিৰ্ভাব হোৱা কয়লা নাটনিৰ সমস্য়াই আমাৰ ইয়াটো মূৰ দাঙি উঠিছিল । লোড শ্বেডিঙৰ সমস্য়াই বৰকৈ আমনি কৰিছিল , যদিও আমি একোৱে খোৱা নাছিলো তথাপি ইজন সিজনৰ সান্নিধ্য়ত আমি ভোকৰ কথা গ'মে পোৱা নাছিলো । চাওতে চাওতে আমি তাইৰ এপাৰ্টমেণ্টৰ আগত আহি পালো । বিদায় লোৱাৰ সময় আহি পৰিল ।
তেনেতে তাইৰ এষাৰ কথাই মোৰ যেন মন উদুলি মুদুলি কৰি পেলালে । মোৰ কাণত যেন বিশ্বাসেই হোৱা নাছিল । তাই ক'লে ,"যদি বেয়া নোপোৱা , মোৰ ঘৰত গৈ একাপ কফি খাবা ? "
মই যেন তাইৰ কথাত সৰগ ঢুকি পাই গ'লো । মই ল'গে ল'গে হয়ভৰ দিলো আৰু দুয়ো সেইফালে যাবলৈ ধৰিলো ।
আমি চিৰিত উঠিলো আৰু লাহে লাহে যাবলৈ ধৰিলো । কিন্তু যিয়ে নহওক মোৰ মনত যিমানে ফূৰ্তি নালাগক লাগিলে মোৰ মনত এটা ভয়ে গা কৰিব ধৰিছিল । তাইৰ মনত বা কি চলি আছিল ?মই আহিছো বাৰু তাইৰ লগত কিন্তু তাই কি ঠিক এই বুদ্ধিৰে মোক কিবাকে ফঁচাব বিছাৰিছে ? কিন্তু যদি তাই মোক সঁচাকৈয়ে ভাল পায় ? তেন্তে মই মোৰ কাৰণে সঁচা প্ৰেম এটা হেৰুৱাই দিম ।
সেইবোৰ চিন্তা কৰি থাকোতে মই তাইৰ ৰুমৰ দুৱাৰৰ ওচৰ পালো । তাই দুৱাৰ খুলিলে আৰু মোক ভিতৰলৈ মাতিলে । মই সোমাই গ'লো । কাৰেণ্ট তেতিয়াও নাছিল আৰু যিহেতু তেনেকুৱা বহুত বেছিয়ে কম হয় , বেছিভাগ মানুহে ইনভাৰেটৰৰ ব্য়ৱস্থা কৰা নাছিল।
তাই ক'লে ," তুমি বহাচোন , মই ম'মবাতিৰ যোগাৰ কৰি আহো । "
মই চোফাত বহিলো আৰু তাই নিজৰ ৰুমলৈ গুছি গ'ল ।
মই মোৰ আগত ঘটি থকা বস্তুবোৰ কল্পনাই কৰিব পৰা নাছিলো । মই সপোনত আছিলো নে দিঠকত ? মই যি দেখি আছো সেয়া সঁচাকৈয়ে ঘটি আছেনে ?মোৰ সকলো বাসনাৰ সপোন যেন আজি পূৰ হোৱাৰ পথত । তাই ১৫ মিনিট মান পিছত ওলাই আহিল । আহি মোৰ ফালে তাই এনেকুৱা মৰমৰ দৃষ্টিৰে চালে যে মই তাইক সুধিবই পাহৰিলো যে তাই ইমান দেৰি কি কৰি আছিল ।
মই তাইৰ চকুত চালো । তাইও মোৰ চকুত চালে । অলপ সময় ঘোপমৰা নিস্তব্ধতা...........
কিন্তু হঠাৎ অহা এটা তীব্ৰ চিৎকাৰে যেন মোৰ অন্তৰাত্মা কঁপাই তুলিলে । যদিও আন্ধাৰ আছিল , তথাপিও মই কিন্তু চিঞৰটো ক'ৰ পৰা আহিছিল গ'ম পাইছিলো । তাই তৎক্ষণাত নিজৰ ৰুমলৈ দৌৰ মাৰিলে আৰু প্ৰেমত পগলা মই তাইৰ পিছে পিছে । মই ৰুমত সোমালো আৰু দেখিলো তাই ওপৰৰ ফালে চাই স্থিৰ হৈ ৰখি আছে । মই ওপৰৰ ফালে চালো আৰু দেখিলো ফেনখনত তাইৰ দেহ ওলমি আছে । তেনেকুৱা বীভৎস দৃশ্য় মই চাগে জীৱনত কেতিয়াও দেখি পোৱা নাছিলো ।চকুৰ মণি দুটা বাহিৰত , জীভা ডিঙিলৈকে ওলমি পৰা আৰু নিৰ্জীব বস্তুৰ দৰে ওলমি থকা তাইৰ শীতল ভৰি দুখন দেখি মোৰ থিতাতে তৎ হেৰাল । মই মোৰ সোফালে থিয় হৈ থকা তাইক চাবলৈ সাহসে হোৱা নাছিল । মই তথাপিও সেইফালে মূখ ঘূৰালো ।
কোন আছিল সি ? তাইৰ হত্য়াকাৰী , তাইৰ প্ৰাক্তন প্ৰেমিক নে তাইৰ কমবাসনাত মতলীয়া তাইৰ চকুত কোনোবা আপোন ! সি বাৰু জানেনে যে মইও সেই ৰুমটোতে আছো আৰু যদি সি কেনেবাকৈ গ'ম পায় যে মইও তাতে আছো , তাৰ কুকাৰ্য্য়ৰ সাক্ষীৰূপে মোৰ তেতিয়া কি হ'ব?অলপ সময় পিছত সি ৰূমৰ পৰা ওলাই গ'ল , আৰু এটা বিকট চিঞৰ মাৰি তাই খিৰিকিৰ পৰা জপিয়াই দিলে । সেই চিঞৰ ইমানেই তীব্ৰ আছিল যে মোৰ যে তাৰ তীব্ৰতাই যেন মোৰ বুকু কঁপাই তুলিছিল । মোৰ আৰু খিৰিকিৰ পৰা জুমি চোৱাৰ সাহস নহ'ল ।মই একো নাভাবি দুৱাৰ খুলি তাৰ পৰা পলাই গ'লো । কিন্তু অন্তৰত সজীৱ হৈ যোৱা মোৰ এই স্মৃতি জানো ইমান সোনকালে পাহৰা সম্ভৱ? মই ভিতৰৰ পৰা এনেদৰে শিঁয়ৰি গৈছিলো যে মই ক'ৰবাত যোৱাৰ অৱস্থাতে নাছিলো । ৰাস্তাৰ ওচৰত থকা বেঞ্চ এখনত মই বহি পৰিলো আৰু কোন মুহুৰ্তত মোৰ টোপনি আহিল গমেই নাপালো ।
ৰাতিপুৱা যেতিয়া মোৰ চকু খুল খালে মই দেখিলো মই দেখিলো যে মানুহৰ বহুত ভিৰ লাগি আছিল ,মই উঠিলো আৰু ভিৰৰ মাজলৈ গ'লো । মই দেখি আচৰিত হ'লো যে তাত দুটা মৃতদেহ পৰি আছিল আৰু তাৰে এটা কালিৰ ছোৱালীজনীৰ , আনটো মৃতদেহ এজন ল'ৰাৰ যাক হয়তো মই আগতে দেখা নাছিলো । তেনেতে হঠাৎ মোৰ চকু সন্মূখৰ ঘৰৰ খিৰিকিত লাগি থকা আয়না খনলৈ গ'ল । আমি সেইখনৰ আগতে থিয় দি আছিলো আৰু তাত আমাৰ সকলোৰে প্ৰতিবিম্ব পৰি আছিল ।
মই ভালদৰে লক্ষ্য় কৰিলো। মোৰ অন্তৰ যেন জিঁকাৰ খাই উঠিল কিয়নো মই দেখিলো যে আয়নাৰ সন্মূখত থিয় দি থকা সকলোৰে প্ৰতিবিম্ব একেবাৰে স্পষ্ট কেৱল এজনৰ বাহিৰে ।আৰু সেইজন হ'ল -"মই" ।
________________________________________________________
যদি কাহিনীটো পঢ়ি আপোনাৰ ভাল লাগিল , তেন্তে অনুগ্ৰহ কৰি অন্য়লোকলৈও share কৰক , comment ত আপোনাৰ গঠনমূলক পৰামৰ্শৰ আশা ৰাখিলো ।
It's really incredible ✨✨✨your stories are absolutely fantastic, and also fearsome . It's really amazing. Good job ������
ReplyDeletethank you so much ❤️
DeleteBohut dhuniya hoise banajit dada
ReplyDeleteAru aguai jua 🤗
thank you 💜💜
DeleteBanajit dada moja hoise.anekoi ru ani thakiba
ReplyDeletethank you so much 😊
DeleteDada tmi imn dhuniya likhisa... Moi voi khai golu
ReplyDeleteThis comment has been removed by a blog administrator.
ReplyDeleteকাহিনীটো পঢ়ি বহুত ভাল লাগিল। ভাষাৰ গাঠনি য়ে কাহিনীটো বেছি মনোমোহা কৰি তুলিছে।
ReplyDeleteভাল লাগিল।।। লিখনিটো সুন্দৰ হৈছে।।।
ReplyDeleteBohut val lgil banajit.. Keep it up
ReplyDelete