Posts

Showing posts with the label Sherlock holmes

এজন কেৰানীৰ ৰহস্য়ময়ী অভিযান - assamese translation of Sherlock Holmes' series "The Stockbroker's Clerk" of Aurther Conan Doyle | by Benzwrite

Image
মোৰ বিয়াৰ কেইদিনমান পিছত পেডিংটন জিলাত এখন ঔষধাগাৰ কিনি লৈছিলো।মই সেইখন মি. ফাৰকুহাৰৰ পৰা কিনিছিলো। এটা সময়ত তেখেতৰ অনুশীলন বহুত ভালকৈয়ে চলিছিল। জনতা তথা সমাজে এইটো সিদ্ধান্ততে চলে যে যিসকলে বেলেগৰ শৰীৰ সুস্থ কৰে , তেওঁলোকে সচৰাচৰ বেমাৰত পৰা অনুচিত। মি. ফাৰকুহাৰৰ বয়স বাঢ়ি আহিছিল আৰু 'চেন্সবাইটিছ ডান্স' নামৰ বেমাৰত আক্ৰান্ত হোৱা বাবে তেখেতৰ অনুশীলন, যি এটা সময়ত নিজৰ শীৰ্ষত আছিল লাহে লাহে সংকুচিত হৈ আহিছিল। যেতিয়া মই তেখেতৰ পৰা সেইখন কিনিছিলো , তেখেতৰ বাৰ্ষিক আয় ১২০০ ৰ পৰা ৩০০ লৈকে নামি আহিছিল। কিন্তু মোৰ নিজৰ ওপৰত বিশ্বাস আছিল যে মই নিজৰ জীৱন সেইখনৰ মাধ্য়মেৰে সফল কৰি তুলিব পাৰিম। তাৰ পিছত যেন মই কামৰ মাজত এনেদৰে মছ্গুল হৈ পৰিছিলো যে বেকাৰ স্ট্ৰীট আৰু হ'মছৰ চিন্তা মই একেবাৰে পাহৰিয়ে গৈছিলো। জুন মাহৰ ৰাতিপুৱাৰ সময়।মই ৰাতিপুৱাৰ চাহকাপ মুখত দি 'বৃটীছ মেডিকেল জাৰ্নেল' পঢ়ি আছিলো। হঠাৎ দুৱাৰৰ বেল বাজিল আৰু মোৰ বন্ধুৰ আকস্মিক আগমনে মোক আচৰিত কৰি তুলিলে। হ'মচ মোৰ ঘৰ আহি উপস্থিত হৈছিল আৰু আহিয়েই মোক আলিঙ্গন কৰি ক'লে "আহ ! বন্ধু ৱাটচন , তোমাক দেখি মোৰ বহুত ভাল ল