About Us

হয়তো ন'হব পাৰে মোৰ আই সবাতো শুৱনি 

তথাপিও আপোন মোৰ 

গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী

তেৱে মোক দিলেহি চিনায় ।।


about us of Benzwrite.blogspot.com


সঁচাকৈয়ে আই মাতৃৰ দৰে এই জগতত আন কোনোৱেই নাই । আইৰ পিছতে আমাৰ আটাইতকৈ আপোন হ'ল আমাৰ মাতৃভাষা অসমীয়া । অসমীয়াই আমাক আমাৰ পৰিচয় দিলে । কিন্তু হয়টো আজি আমাৰ অসমীয়া আজি নিজেই ঘোৰ সংকটত । কালৰ কূটিল গৰাহত পৰি আমাৰ ভাষাইও যেন ককবকাব ধৰিছে । তেনে এক জটিল সন্ধিক্ষণত আমাৰ ভাষাক চহকী কৰা আমাৰ নৈতিক দায়িত্ব।সময়ৰ লগে লগে আজিৰ অসমীয়াই এই কথা বুজি গৈছে । সেয়ে আজিৰ অসমীয়া ভাষাত নিতৌ নতুন প্ৰয়োগ হৈ আছে ,ভৱিষ্য়তৰ চাহিদাৰ লগত ফেৰ মাৰিবলৈ ।


ভুত প্ৰেত বা ৰহস্য়জনক কাহিনী আমাৰ সকলোৰে বৰ প্ৰিয় । এই কথা মুঠেও নুই কৰিব নোৱাৰি যে বহুতো নামজ্বলা সাহিত্য়িকে এই শিতানত নিজৰ অৱদান আগবঢ়াই গৈছে।কিন্তু নতুনত্ব সকলোৰে বাবে প্ৰয়োজন । গতিকে আমাৰ লক্ষ্য় এইয়ে যে যিমান পাৰো , আমিও যাতে ডিজিটেল মাধ্য়মেৰে এই ক্ষেত্রত নিজৰ যৎপৰোনাস্তি চেষ্টা চলাব পাৰো। বিশ্বস্তৰীয় শিহৰণকাৰী কাহিনীৰ সৃষ্টি আৰু নিভাজ থলুৱা অনুবাদেৰে যাতে আপোনালোকৰ আগত বিনামূলীয়াকৈ উপস্থাপন কৰিব পাৰো যাতে সহজ-সৰল চহা অসমীয়াইও যাতে তাক বুজিব পাৰে সেইয়ে আমাৰ লক্ষ্য় ।


ইয়াৰ উপৰিও বিশ্ববিখ্য়াত বিদেশী সাহিত্য়িকৰ অমৰ সৃষ্টিসমূহৰ নিভাজ থলুৱা গদ্য়ৰীতিৰে অনুবাদৰ ওপৰতো আমি কাম কৰি যাম । এই সকলোবোৰ কামৰ বাবে আমাৰ প্ৰয়োজন আপোনালোকৰ সহযোগিতাৰ । আমাৰ লিখনিবোৰক যাতে আপোনালোকে মৰম কৰে , আমাক গঠনমূলক পৰামৰ্শ দিয়ে , আমাৰ লিখনিবোৰ যাতে আনলৈও বিয়পোৱাত অৰ্থাৎ share কৰে তাৰে আন্তৰিক কামনা কৰিলো।

ধন্য়বাদ


Popular posts from this blog

শিহৰণকাৰী চুটী গল্প ভাগ ১ - short assamese horror story | by Benzwrite

সাক্ষাৎকাৰ - অসমীয়া শিহৰণকাৰী গল্প (assamese horror story) - by Benzwrite

শিহৰণকাৰী চুটী গল্প ভাগ ২ - short assamese horror story | by Benzwrite