এজন কেৰানীৰ ৰহস্য়ময়ী অভিযান - assamese translation of Sherlock Holmes' series "The Stockbroker's Clerk" of Aurther Conan Doyle | by Benzwrite

মোৰ বিয়াৰ কেইদিনমান পিছত পেডিংটন জিলাত এখন ঔষধাগাৰ কিনি লৈছিলো।মই সেইখন মি. ফাৰকুহাৰৰ পৰা কিনিছিলো। এটা সময়ত তেখেতৰ অনুশীলন বহুত ভালকৈয়ে চলিছিল। জনতা তথা সমাজে এইটো সিদ্ধান্ততে চলে যে যিসকলে বেলেগৰ শৰীৰ সুস্থ কৰে , তেওঁলোকে সচৰাচৰ বেমাৰত পৰা অনুচিত। মি. ফাৰকুহাৰৰ বয়স বাঢ়ি আহিছিল আৰু 'চেন্সবাইটিছ ডান্স' নামৰ বেমাৰত আক্ৰান্ত হোৱা বাবে তেখেতৰ অনুশীলন, যি এটা সময়ত নিজৰ শীৰ্ষত আছিল লাহে লাহে সংকুচিত হৈ আহিছিল। যেতিয়া মই তেখেতৰ পৰা সেইখন কিনিছিলো , তেখেতৰ বাৰ্ষিক আয় ১২০০ ৰ পৰা ৩০০ লৈকে নামি আহিছিল। কিন্তু মোৰ নিজৰ ওপৰত বিশ্বাস আছিল যে মই নিজৰ জীৱন সেইখনৰ মাধ্য়মেৰে সফল কৰি তুলিব পাৰিম। তাৰ পিছত যেন মই কামৰ মাজত এনেদৰে মছ্গুল হৈ পৰিছিলো যে বেকাৰ স্ট্ৰীট আৰু হ'মছৰ চিন্তা মই একেবাৰে পাহৰিয়ে গৈছিলো।


জুন মাহৰ ৰাতিপুৱাৰ সময়।মই ৰাতিপুৱাৰ চাহকাপ মুখত দি 'বৃটীছ মেডিকেল জাৰ্নেল' পঢ়ি আছিলো। হঠাৎ দুৱাৰৰ বেল বাজিল আৰু মোৰ বন্ধুৰ আকস্মিক আগমনে মোক আচৰিত কৰি তুলিলে। হ'মচ মোৰ ঘৰ আহি উপস্থিত হৈছিল আৰু আহিয়েই মোক আলিঙ্গন কৰি ক'লে "আহ ! বন্ধু ৱাটচন , তোমাক দেখি মোৰ বহুত ভাল লাগিছে । মোৰ বিশ্বাস , 'চাৰিৰ চিহ্ন'ৰ গণ্ডগোলৰ পিছত মিছেছ ৱাটছন এতিয়া সুস্থ হৈ উঠিছে ।"


"নাই নাই ;আমি দুয়ো একেবাৰে ঠিক আছো"- মই উত্তৰ দিলো।


আৰামী চকীত গা এৰি দি তেওঁ ক'লে,"আশাকৰো , মেডিকেলৰ চিন্তাই তোমাক আমাৰ অভিযানবোৰৰ কথা পাহৰাই পেলোৱা নাই।"


আৰামী চকীত গা এৰি দি তেওঁ ক'লে


"নাই"-মই তপৰাই উত্তৰ দিলো,"বৰং মই আমাৰ পুৰণি কেছবোৰৰ খতিয়ান লৈ ডায়েৰিত সু-সংবদ্ধ ৰূপত লিখি আছিলো।"


হ'মছে সুধিলে,"তুমি নিজৰ সংকলনবোৰ সমাপ্ত বুলি ভাবি লোৱা নাইতো?"


"মুঠেও নহয়, বৰঞ্চ মই তাৰ পৰিধি আৰু বিশাল হোৱাটোহে কামনা কৰো।"


"আজিৰ বিষয়ে কি ভাবা?"


"আজি? "-মই আচৰিত হৈ ক'লো।


"অ' আজি, যদি তুমি ইচ্ছা কৰা, বাৰ্মিংহামত ।"


"বঢ়িয়া ! মোৰ প্ৰতিবেশী যেতিয়া ক'ৰবালৈ যায়, তেওঁৰ কামবোৰ মই চম্ভালো।তেখেতে বহুতদিনৰ পৰা এই ঋণ পৰিশোধ কৰাৰ ইচ্ছা প্ৰকাশ কৰি আহিছিল।হয়তো আজিয়েই সেই দিন"-মই ক'লো।


"ইয়াতকৈ ভাল আৰু একোৱেই হ'ব নোৱাৰে।"-হ'মছে উৎফুল্লিত হৈ ক'লে।


হ'মছে আৰামী চকীত বহি থাকি এটা চকু আধা মেলি মোৰ ফালে চাই সুধিলে,"তুমি কেইদিনমানৰ পৰা অসুস্থ আছিলা , হ'য়নে?"


"হয় ; গৰমৰ দিনত চৰ্দী লগাৰ দৰে দুখ একোৱেই নাই। মই দুসপ্তাহ ধৰি অসুস্থ আছিলো । তুমি কেনেকৈ গ'ম পালা?"


"তোমাৰ চেন্দেলযোৰে ক'লে"- হ'মছে ক'লে। 


"কিন্তু এপাট চেন্দেল ............" মোৰ কথা শেষ নৌহওঁতেই হ'মছে মাত লগালে-"যেতিয়া তুমি মোৰ ফালে চেন্দেলপাত ৰাখি কথা পাতি আছিলা, মই মন কৰিছিলো চেন্দেল এপাটৰ তলৰ ফালটো অলপ পুৰি যোৱাৰ দৰে আছিল। পোনতে মই ভাবিছিলো , হয়তো তিতি যোৱা চেন্দেলযোৰ শুকুৱাবলৈ কৰা প্ৰচেষ্টাত সি অলপ পুৰি গৈছিল। কিন্তু মই মন কৰিছিলো , ঘৰলৈ সোমাই অহা পথত জুই জ্বলাৰ চিন। ইয়াৰ উপৰিও চেন্দেলপাটৰ অকল তলুৱা জ্বলিছিল, তাৰ ওপৰত থকা নিৰ্মাতাৰ প্ৰতীকচিহ্নৰ কোনো ক্ষয়-ক্ষতি হোৱা নাছিল। গতিকে এইটো থিৰাং আছিল যে তুমি ভৰি মেলি জুই সেকিছিলা। তুমিও জানা যে , জুন মাহৰ এনে গৰমত কেৱল অসুস্থ শৰীৰৰ মানুহ এজনেহে এনেদৰে জুই সেকিব পাৰে। কিন্তু তোমাক এতিয়া বহুত সুস্থ দেখা গৈছে ।"

ভালদৰে বুজাই দিয়াৰ পিছত তেখেতৰ বাকীবোৰ তৰ্কৰ দৰে এইটোৱো একেবাৰে সহজ যেন লাগিল।হ'মছে মোৰ মনৰ ভাব বুজি ল'লে আৰু তেখেতৰ মুখত এটা মৃদু হাঁহি বিৰঙি উঠিল আৰু ক'লে "মই যেতিয়া কথাবোৰ কৈ দিওঁ, এনে লাগে যেন মই মোৰ ৰহস্য় সকলোকে উদঙাই দিওঁ।" আৰু লগে লগে হাঁহি ৰখাই ক'লে ,"গতিকে তুমি এতিয়া বাৰ্মিংহাম যাবলৈ সাজু আছানে?"


"কেছটো কি?"-মই ক'লো।


"ট্ৰেইনত তুমি সকলো গম পায় যাবা। মোৰ মক্কেল বাহিৰত গাড়ীত বহি ৰৈ আছে।"-হ'মছে ক'লে।


অনতিপলমে মই মোৰ প্ৰতিবেশীৰ কাৰণে এখন চিঠি লিখিলো আৰু পত্নীক অলপ ভালদৰে বুজাই হ'মছৰ লগত যাবলৈ তৈয়াৰ হ'লো।


"তেন্তে তোমাৰ প্ৰতিবেশী এজন ডাক্টৰ ।"


"উমম্ , তেখেতেওঁ মোৰ দৰে পেচা গ্ৰহণ কৰিছে । মোৰ লগতে তেখেতেওঁ ইয়াত সম্পত্তি কৰিছে।"


"কিন্তু তুমি বেছি ভালটো ক্ৰয় কৰিলা , নহয়নে?"


"হ'ব পাৰে । কিন্তু তুমি এই বিষয়ে কেনেকে গ'ম পালা?"


"চিৰিবোৰৰ পৰা। তোমাৰ ‌ঔষধাগাৰৰ চিৰিবোৰ তেখেতৰখনতকৈ ৩ ইঞ্চি বেছি ক্ষয় যোৱা।"


কথাৰ সাৰাংস বুজি মই  হ'মছৰ লগত আমাৰ ঘৰৰ পদূলিত ৰৈ থকা গাড়ীখনত বহিলো।গাড়ীখনৰ ভিতৰত এজন হৃষ্ট-পুষ্ট মানুহ বহি আছিল , যাৰ চেহেৰা সৎ আৰু স্পষ্ট আছিল। তেখেতৰ অলপ সৰু সোনালী দাড়ি আছিল ।তেখেতে চিকমিকিয়া টুপি আৰু ক'লা ৰঙৰ চ্য়ুট পিন্ধিছিল যিটোৱে তেখেতক বহুত বুধিয়ক দেখাইছিল। তেখেত হাঁহিমুখিয়া আছিল কিন্তু চিন্তাত উদাস দেখা গৈছিল।হ'মছে মোক তেখেতৰ চিনাকি দি ক'লে," ৱাটচন, এখেত মি. হ'ল পয়েক্ৰফট্ ।"


তেওঁ মোৰ ফালে চাই এটা মিচিকিয়া হাঁহি মাৰিলে , কিন্তু মই তেখেতৰ হাঁহিত চিন্তা দেখিবলৈ সক্ষম হ'লো। হ'মছে এইবাৰ তেওঁৰ ফালে চাই ক'লে,"মি. পয়েক্ৰফট্ , অনুগ্ৰহ কৰি মোৰ বন্ধুক আপোনাৰ সকলো কথা খুলি কওঁক, যাতে ৱাটচন আৰু মই কথাবোৰ জোৰা লগাব পাৰো আৰু আগতে মন নকৰা বস্তুবোৰ যাতে ভালদৰে চকুত ধৰা দিয়ে।এইটো এনেধৰণৰ কেছ , য'ত অৰ্থ থাকিবওঁ পাৰে বা নাথাকিবওঁ পাৰে। কিন্তু কেছটো যে ৰোমাঞ্চকৰ হ'ব , তাত কোনো সন্দেহ নাই।পয়েক্ৰফট্ ডাঙৰীয়া ,আপুনি আৰম্ভ কৰক, মই আৰু আপোনাক বাধা নিদিওঁ।"


আমাৰ সহযোগীৰ চকু উজলি উঠিল আৰু আৱেগ ভৰা কণ্ঠেৰে আমাৰ ফালে চাই ক'বলৈ ধৰিলে,"এই কাহিনীটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে গোটেই কাহিনীটোত মোৰ মূৰ্খতা প্ৰকাশ পায়। হ'ব পাৰে যে চ'ব ঠিক হৈ যাব কিন্তু যদি নহয় তেন্তে আজীৱন মই নিজকে মূৰ্খ বুলি ভাবি থাকিবলগীয়া হ'ব।"


মই ক'লো , "তুমি আমাক সকলো কথা খুলি কোৱা।"


তেখেতে ক'বলৈ ধৰিলে,"মই বহুত ভালদৰে কাহিনী কোৱাত অভ্য়স্ত নহয় , কিন্তু মই সকলো ক'বলৈ যত্ন কৰিম। মই ড্ৰেপাৰ গাৰ্ডেনৰ 'কক্সন এণ্ড উডহাউচ' ত কেৰানীৰ চাকৰি কৰিছিলো । কিন্তু হিচাপবিহীন ধাৰৰ বাবে কোম্পানী বন্ধ হৈ গৈছিল। মই ৫ বছৰৰ পৰা তাত চাকৰি কৰি আহিছিলো। কোম্পানী বন্ধ হোৱাৰ সময়ত তেখেতসকলে মোক এখন প্ৰমাণপত্ৰ দিছিল। মোৰ লগত ২৭ জন কেৰাণী নিবনুৱাত পৰিণত হৈছিল। মই অ'ত-ত'ত বহুত কষ্ট কৰিলো কিন্তু একো লাভ নহ'ল। 'কক্সন এণ্ড উডহাউচ'ৰ পৰা মই মাহিলী ৩ পাউণ্ড জমা কৰিছিলো , যিটো এটা সময়ত ৭০ পাউণ্ড হৈছিল । কিন্তু অতি সোনকালে এই টকাকেইটা খৰচ হে গৈছিল। শেষত মই একেবাৰে কঙ্গাল হৈ পৰিছিলো , য'ত বিজ্ঞাপন বোৰৰ উত্তৰ আৰু তাত লগাবলৈ ডাক-টিকটৰ খৰছো বহন কৰিবলৈ মই অক্ষম হৈ পৰিছিলো। মোৰ জোতাৰ তল ক্ষয় গুচি গৈছিল কিন্তু তথাপিও মই চাকৰিৰ পৰা বহুত দূৰত আছিলো।"


অলপ সময় উশাহ লৈ তেখেতে পুনৰ ক'বলৈ ধৰিলে," অৱশেষত মই লোম্বাৰ্ট ষ্ট্ৰীটত থকা আটাইতকৈ নামী ষ্টক-ব্ৰকীং কোম্পানী 'মেছন আৰু উইলিয়াম'ত পদ খালীৰ খবৰ শুনিলো। মই ধাৰ লৈ ততাতৈয়াকৈ তেওঁলোকলৈ এখন আৱেদন লিখিলো। মই চাকৰিৰ কোনো আশা কৰা নাছিলো যদিও সকলো নথি-পত্ৰ মই তেওঁলোকলৈ প্ৰেৰণ কৰিলো। কিন্তু আচৰিতভাবে তেওঁলোকৰ উত্তৰ আহিল যে যদি মই সোমবাৰে তেওঁলোকৰ ওচৰত উপস্থিত হ'ব পাৰো আৰু যদি মোৰ ব্য়ক্তিত্ব তেওঁলোকে ভাল পায়, তেন্তে মই সেইদিনৰ পৰাই তেওঁলোকৰ কোম্পানীত যোগদান কৰিব পাৰিম। এই কথা কোনেও নাজানে যে তেওঁলোকে আৱেদন কেনেকৈ গ্ৰহণ কৰে। কোনো কোনোৱে কয় যে মেনেজাৰে যিখন আৱেদন প্ৰথম হাতেৰে স্পৰ্শ কৰে , সেইখনেই তেওঁলোকে গ্ৰহণ কৰে । কিন্তু সেইবোৰ যিয়ে নহওক, মই এই খবৰটো পায় অতি আনন্দিত হৈছিলো, যিতো একেবাৰে স্বাভাৱিক আছিল। মই সপ্তাহত ১ পাউণ্ড বেচিকৈ পাম আৰু কাম একেবাৰে 'কক্সন'ৰ দৰেই আছিল।


এতিয়া মই ক'ম মোৰ অসুবিধা ক'ত আৰম্ভ হৈছিল । মই '১৭ পটাৰ টেৰেচ' নামৰ ঠাইত সেইকেইদিন বাস কৰি আছিলো। সেইদিনা মই মোৰ ৰুমত বহি কফী খাই আছিলো । তেতিয়া মোৰ ভাৰাঘৰৰ মালিকনী আহি মোক এখন কাগজ দিলে য'ত 'আৰ্থাৰ পিনাৰ, আৰ্থিক এজেণ্ট' বুলি লিখা আছিল।মই প্ৰথমতে ভাবিব পৰা নাছিলো যে তেখেতক মোৰ পৰা কি লাগে। কিন্তু মই তেখেতক ওপৰলৈ আহিবলৈ দিলো । তেখেত ভিতৰলৈ আহিল। তেখেত মধ্য়ম দৈৰ্ঘৰ আছিল, তেখেতৰ ক'লা চুলি , ক'লা দাড়ি আৰু নাকত এটা চিকমিকনি আছিল । এনেকুৱা লাগিছল তেখেতে সময়ৰ মূল্য় বুজি পাইছিল।


"মি. হ'ল পয়েক্ৰফট্ ?"- তেখেতে সুধিলে ।


মই মূৰ দুপিয়ালো আৰু তেখেতলৈ চকীখন আগবঢ়াই দিলো।


"অ' তুমি আগতে 'কক্সন'ত কাম কৰিছিলা "


"উমম্"


"এতিয়া 'মেছন'ৰ লগত..."


"নিশ্চয়"


"বঢ়িয়া ,মই তোমাৰ প্ৰতিভাৰ কথা বহুত সুনিছো। তোমাৰ 'কক্সন'ৰ মেনেজাৰ পাৰ্কাৰৰ কথা মনত আছেনে? তেখেতে তোমাৰ কথা কৈ আমনি নাপায় ।"


মোৰ বহুত ভাল লাগিল । অফিচত মোৰ কামৰ প্ৰশংসা সদায় হৈছিল কিন্তু ইমান বেছি প্ৰশংসা পাম বুলি মই কেতিয়াও ভবা নাছিলো।


"তোমাৰ স্মৃতি বহুত ভাল"-তেখেতে ক'লে।


"হয়"-মই উত্তৰ দিলো।


"কামত নথকা সময়ত বৰ্তমান তুমি বজাৰখনৰ অৱস্থাৰ বিষয়ে জ্ঞাত নে?"


"নিশ্চয় , মই প্ৰতিটো ৰাতিপুৱাই ষ্টকবোৰৰ বিষয়ে পঢ়ো"-মই জোৰ দি ক'লো।


"বা: ! ইয়াৰ পৰা তোমাৰ প্ৰতিভাৰ উমান পোৱা যায় ।"-তেখেতে ক'লে,"জীৱনত আগবাঢ়ি যোৱাৰ এইটোৱে মন্ত্ৰ, তুমি বেয়া পাবা নেকি যদি মই তোমাৰ কামৰ পৰীক্ষা লওঁ?"


"নিশ্চয় চাব পাৰে" -মই উত্তৰ দিলো ।


"আৰ্চায়াৰৰ দাম কোৱা "


"এশ ছয়ৰ চাৰি ভাগৰ এভাগৰ পৰা এশ পাঁচৰ আঠ ভাগৰ সাত।"


"নিউজিলেণ্ড ক'নছলিডেটৰ?"


"এশ চাৰি ।"


"আৰু বৃটীছ ব্ৰকেন হিলৰ ?"


"সাত সাতৰ পৰা সাত ছয়"-মই উত্তৰ দিলো।


"অতি সুন্দৰ ! মই যি শুনিছো , সেইবোৰ একেবাৰে সত্য়। বোপা , তুমি 'মেছন'ৰ কেৰাণী বনাৰ যোগ্য় নহয়।"- তেখেতে উৎফুল্লিত হৈ ক'লে।


"মি. পিনাৰ, মই এই চাকৰিটো পায় অতিকৈ আনন্দিত আৰু ইয়াক পাবলৈ মই বহুত কষ্ট কৰিবলগীয়া হৈছে ।"


"কি যে কোৱা ! তুমি নিজৰ যোগ্য়তাৰ চাকৰি কৰা নাই । এতিয়া শুনা মই কি ক'বলৈ লৈছো ,মই জানো মই তোমাক যি দিবলৈ লৈছো সি তোমাৰ যোগ্য়তাৰ তুলনাত একোৱেই নহয় , কিন্তু যদি মেছনৰ লগত তুলনা কৰা তেতিয়া লাগিব যেন আন্ধাৰৰ মাজত পোহৰহে ওলাই আহিল। "-অলপ সময় ৰখি তেখেতে পুনৰ ক'লে ,"বাৰু,তুমি 'মেছন'ৰ ওচৰত কেতিয়া যাবা?"


"সোমবাৰে ৰাতিপুৱা।"


"মই জানো তুমি তালৈ নোযোৱা।"


"মই তাত নাযাওঁ, কিন্তু তাত মোৰ কি স্বাৰ্থ থাকিব?"


"কিয়নো তেতিয়ালৈকে তুমি 'ফ্ৰেনকো-মিনলেণ্ড হাৰ্ডৱেৰ কোম্পানী'ৰ বানিজ্য়িক মেনেজাৰ পদত থাকিবা, যিটো কোম্পানীৰ হাতত ফ্ৰান্স , ব্ৰাচেলচ্ আৰু চান ৰেনো সহিত বহু ঠাইত নিজা গুদাম আছে।"


মই অলপ সময়ৰ কাৰণে নিজৰ উশাহ লাগি যোৱা অনুভৱ কৰিলো । কিন্তু মোৰ উৎসাহ সামৰি মই উত্তৰ দিলো,"কিন্তু মই আজিলৈকে তেনে কোনো কোম্পানীৰ নাম শুনা পোৱা নাই।"


"তুমি চাগে কেতিয়াও শুনিবলৈও নাপাবা। মোৰ দাদা হেনৰী পিনাৰ এই কোম্পানীৰ এজন প্ৰতিস্থাতা আৰু তেখেত তাৰ এজন প্ৰশাসনিক বিষয়া । আমাৰ এই প্ৰতিস্থান একেবাৰে গোপন যাতে আমাৰ লাভৰ হিচাপ কোনেও নাপায় । মোৰ দাদাই জানে যে মই ইয়ালৈ আহিম। গতিকে মোক এজন চোকা তথা সস্তা মানুহ বিচাৰিব দিছিল যাৰ হাতত আমি আমাৰ কোম্পানীৰ হিচাপৰ ভাৰ দিব পাৰো।ইয়ালৈ আহি মই তোমাৰ কথা বাৰুকৈয়ে শুনিলো।আমি তোমাক কিন্তু আৰম্ভনিতে কেৱল ৫০০ হে দিব পাৰিম ।"


"পাঁচ শ !!"- মই চিঞৰি উত্তৰ দিলো।


"অ' পাঁচশ ,কিন্তু চিন্তা নকৰিবা , তুমি তোমাৰ এজেণ্টবোৰৰ লাভৰ এটা অংশ কমিছন ৰূপত লাভ কৰিবা।"


"কিন্তু মই হাৰ্ডৱেৰৰ বিষয়ে একো নাজানো।"


"কিন্তু সংখ্য়াবোৰৰ বিষয়েটো জানা নহয়, সেয়া বহুত।"


মোৰ মূৰ ঘুৰাল আৰু চিন্তাত মোৰ মনত সন্দেহ জাগি উঠিল ।মই ক'লো,"মই তোমাৰ লগত চিধাকৈ কথা পাতিম । মেছনে মোক ২০০ পাউণ্ডকে দিয়ে আৰু সি একেবাৰে নিৰাপদ । কিন্তু মই তোমাৰ ওপৰত কেনেকৈ ভৰসা কৰি ল'ম?"


"আহ! বঢ়িয়া , তোমাক ফুচুলাব পৰা নাযাব আৰু এইটো আমাৰ কাৰণে অতিকৈয়ে ভাল কথা ।" তেখেতে জেপৰ ভিতৰত হাত ভৰাই ১০০ পাউণ্ডৰ নোট এখন উলিয়াই ল'লে আৰূ মেজত থৈ ক'লে,"এয়া লোৱা ১০০ পাউণ্ড আৰু যদি তোমাৰ লাগে যে আমি একেলগে ব্য়ৱসায় কৰিব পাৰিম , তেন্তে তুমি এইখন উঠাই ল'ব পাৰিবা।"


১০০ পাউণ্ডৰ নোটখন দেখি মোৰ চকু চকমকাই উঠিল । মই আনন্দত অধীৰ হৈ তেখেতক সুধিলো,"মই কেতিয়াৰ পৰা কামত যোগ দিব পাৰিম?"


"কালি ৰাতিপুৱা বাৰ্মিংহাম আহি যাবা । মই তোমাক এখন কাগজ দিম যাৰ সহায়ত তুমি ১২৬B কৰ্পৰেচন ষ্ট্ৰীটত থকা মোৰ দাদাক  লগ কৰিব পাৰিবা। য'ত কোম্পানীৰ অস্থায়ী অফিচ আছে । "


মই ক'লো ," মি. পিনাৰ , মই কেনেকে আপোনাক ধন্য়বাদ দিও , ভাবিবই পৰা নাই।"


"তাৰ কোনো প্ৰয়োজন নাই বোপা , তুমি কেৱল নিজৰ কষ্টৰ ফল পাইছা । কেৱল মোৰ আৰু দুটা কাম আছে ।"


"কি কাম?"


তেখেতে মোৰ ফালে খালি কাগজৰ টুকুৰা এটা আগবঢ়াই ক'লে ,"এইখন লোৱা আৰু লিখা যে মই 'ফ্ৰেনকো-মিনলেণ্ড হাৰ্ডৱেৰ কোম্পানী'ৰ বানিজ্য়িক মেনেজাৰ হিচাপে ৫০০ পাউণ্ডত কাম কৰিবলৈ তৈয়াৰ আছো।"


তেখেতে যি ক'লে মই তাকে কৰিলো আৰু তেখেতে সেই কাগজখন নিজৰ জেপত ভৰাই দিলে।


"আৰু এটা কথা; তুমি 'মেছন'ৰ বিষয়ে কি কৰিবা?"


মনৰ উৎসাহত মই 'মেছন'ৰ কথা পাহৰিয়েই গৈছিলো।


"মই চিঠি লিখি ইস্তফা দি দিম।"


তেওঁ ক'লে ,"এইটোৱেই তুমি যাতে নকৰা মই তাৰে বাবে মই তোমাক অনুৰোধ জনাম।মোৰ তোমাৰ কাৰণে মেছনৰ মেনেজাৰৰ লগত কাজিয়া হৈছিল। মই তেখেতক তোমাৰ বিষয়ে সুধিব গৈছিলো আৰু তেখেতে মোক ধমকি দিয়াত লাগিল। তেখেতৰ মতে মই হেনো তোমাক ফুচুলাই মোৰ লগত কাম কৰাবলৈ যত্ন কৰিছো। মোৰ খং উঠি গ'ল আৰু মই তেখেতক ক'লো যে ভাল মানুহক ৰাখিবলৈ ভাল বেতন দিবলৈ পাৰিব লাগিব। কিন্তু তেওঁ মোক ক'লে যে তুমি হেনো কম বেতনতো তেওঁৰ তাত কাম কৰিবা।মই বাজী লগাই ক'লো যে মই যেতিয়া তোমাক মোৰ প্ৰস্তাব দিম, তুমি সিহঁতৰ ফালে ঘূৰিও নাচাবা। তেতিয়া সি মোক ক'লে যে সিহঁতে হেনো তোমাক নলাৰ পৰা উঠাইছে ,আৰু তুমি সিহঁতক সহজে নেৰা।"

"বদমাছটো ক'ৰবাৰ । সি মোক ভালকৈ দেখিয়ে পোৱা নাই । তাতে সিহঁতৰ ইমান কথা ! বাদ দিয়া , মই তেনে অভদ্ৰলৈ কোনো চিঠি নিলিখো ।"-মই চিঞৰি ক'লো।


"ঠিক আছে তেন্তে , মই বিশ্বাস কৰিলো যে তুমি সিহঁতলৈ কোনো চিঠি নিলিখা । মই সুখী যে মই মোৰ দাদাৰ কাৰণে এজন অতি সুন্দৰ কৰ্মচাৰী বিচাৰি উলিয়াইছো।"


"এয়া লোৱা তোমাৰ ১০০ পাউণ্ড আৰু মনত ৰাখিবা , কালি ১ বজাত ১২৬ নং কৰ্পৰেচন ষ্ট্ৰীট "-মুখত সন্তুষ্টিৰ চিন লৈ তেওঁ ক'লে,"গুড নাইট , আৰু ভগৱানে কৰক তুমি জীৱনত বিচৰা সকলোবোৰ যাতে পোৱা।"


মোৰ তেখেতৰ লগত হোৱা মাত্ৰ ইমানখিনি কথাই মনত আছে । আপোনালোকে গম পাইছেই মি.ৱাটচন, মই কিমান সুখী হৈছিলো !এনেকুৱা অভূতপূৰ্ব সফলতাৰ পিছত মই গোটেই ৰাতি আনন্দত শুব পৰা নাছিলো। পিছদিনা ৰাতিপুৱা চকুত অজস্ৰ সপোন লৈ মই বাৰ্মিংহাম পালো। মই মোৰ বস্তু-বাহানি বোৰ "নিউ ষ্ট্ৰীট"ৰ এখন হোটেলত থ'লো। তাৰ পিছত মোক দিয়া কাগজখন চাই মই মোৰ গন্তব্য়স্থানলৈ ৰাওনা হ'লো।মই পোন্ধৰ মিনিট দেৰিকৈ তাত উপস্থিত হৈছিলো , কিন্তু মই ভাবিছিলো ই বৰ বেছি প্ৰভাৱ নেপেলায়।126B আছিল দুটা ডাঙৰ দোকানৰ মাজত এটা পথ, যিটো পথেৰে গ'লে মাৰ্বল পাথৰৰ নিৰ্মিত চিৰি পোৱা যায় যাৰ পৰা বহুতো ফ্লেট, কোম্পানী বা পেছাদাৰী পুৰুষৰ ঘৰ আৰম্ভ হয়। ঠাই দখলকাৰীৰ নাম ৰং কৰা হৈছিল বেৰত তলত ,কিন্তু ক'তো 

'ফ্ৰেনকো-মিনলেণ্ড হাৰ্ডৱেৰ কোম্পানী'ৰ নাম দেখা নাপালো। লাহে লাহে মোৰ অলপ সন্দেহ হ'ল , তেনেকুৱা কোম্পানী সঁচাকে আছেনে নে নাই? কিন্তু মোৰ সকলো সন্দেহ দূৰ কৰি অলপ সময় পিছত এজন ভদ্ৰলোকৰ মাত শুনিব পালো।


"মি. হ'ল পয়েক্ৰফ্ট ?"- তেখেতে সুধিলে ।


"হয়" - মই উত্তৰ দিলো।


"মই তোমাৰ অপেক্ষা কৰি আছিলো । কিন্তু তুমি ১৫ মিনিট দেৰি কৰিলা। মোৰ ভাইটিয়ে তোমাৰ প্ৰশংসা কৰি তৎ নোপোৱা হৈছিল।"


"মই আপোনাৰ অফিচ বিচাৰি পোৱা নাছিলো ।"- মই উত্তৰ দিলো।


"আমি আমাৰ নামফলক এতিয়াও পোৱা নাই । দৰাচলতে আমি আমাৰ এই পৰিসৰ অধিগ্ৰহন কৰা বেছিদিন হোৱা নাই। মোৰ লগত আহা, আমি এই বিষয়ে অলপ বিতংভাৱে আলোচনা কৰিম।"


মইও তেখেতক অনুসৰণ কৰিলো।  তেখেতে যিফালে মোক লৈ গৈছিল , সেইফালে সৰু সৰু গহ্বৰৰ দৰে কোঠা আছিল ,য'ত কোনো কাৰ্পেট বা পৰ্দা নাছিল।মই কল্পনা কৰিছিলো , এটা ডাঙৰ অফিচ , য'ত শাৰী শাৰীকৈ কৰ্মচাৰী থাকিব , মেজ থাকিব , আৰু এনেকুৱা পৰিবেশৰ মই অভ্য়স্থ আছিলো। কিন্তু তাত এখন মেজ, দুখন চকী , এখন হিচাবৰ বহী আৰু এটা ডাষ্টবিনৰ বাহিৰে বেলেগ একোৱে নাছিল।


"নিৰাশ নহ'ব ,মিঃ পয়েক্ৰফ্ট" -তেখেতে মোৰ মুখলৈ চাই দীঘলিয়াকৈ হুমুনুয়াহ কাঢ়ি ক'লে,"বিশাল ৰোম ৰাজ্য় এদিনত নিৰ্মাণ হোৱা নাছিল , আমাৰ ওচৰত বেহিচাপ টকা আছে । কিন্তু এতিয়া আমি সেইবোৰ তাত খৰচ কৰাতকৈ আমাৰ ব্য়ৱসায় আৰু বৃদ্ধি কৰাত জোৰ দিছো।অনুগ্ৰহ কৰি অলপ বহা আৰু তোমাৰ চিঠিখন মোক দিয়া । "


মই তেখতক মোৰ চিঠিখন দিলো। তেখেতে সেইখন অতি মনোযোগেৰে পঢ়িলে।


"মই যি দেখিছো, তুমি মোৰ ভাতৃৰ ওপৰত বহুত গভীৰ প্ৰভাৱ পেলাইছা। মোৰ ভাতৃ এজন ভাল বিচাৰক। সি অনবৰত লণ্ডনৰ গুণগান গায় আৰু মই বাৰ্মিংহামৰ ।কিন্তু প্ৰথমবাৰ মই আৰু সি তোমাক লৈ একমত হৈছো । তুমি নিশ্চিতভাৱে নিযুক্ত হৈছা।"-

তেখেতে ক'লে।


মই সুধিলো ,"মোৰ কাম কি?"


"সৌভাগ্য়বশত তুমি আমাৰ পেৰিছত থকা গুদামঘৰটো চম্ভালিবা। গুদামঘৰটোৱে ফ্ৰান্সৰ ১৩৪ খন দোকানত ইংৰাজ বিস্কুটৰ যোগান ধৰিব । গোটেই লেনদেনটো সম্পূৰ্ণ হ'বলৈ ১ সপ্তাহ লাগিব । তেতিয়ালৈকে তুমি ইয়াত থাকি সকলো নিয়ন্ত্ৰণ কৰিবা।"-তেখেতে ক'লে।


"কেনেকৈ?"-মই প্ৰশ্ন কৰিলো।


প্ৰশ্নটোৰ উত্তৰৰূপে তেখেতে মোক এখন ৰঙা বহী দিলে আৰু ক'লে," এইখন পেৰিছৰ নিৰ্দেশিকা । ইয়াত তুমি  পেৰিছৰ প্ৰতিটো ব্য়ৱসায়ৰ তথ্য় পাবা। মই বিচাৰো তুমি এইখন ঘৰ লৈ যোৱা আৰু তাত থকা প্ৰতিজন হাৰ্ডৱেৰ দোকান আৰু দোকানীৰ নাম তালিকাভুক্ত কৰা। এইটোৱে আমাক পিছত বহুত সহায় কৰিব।"


"কিন্তু তেনেকুৱা তালিকা চোন আপুনি এনেই পাই  যাব!"- মই ক'লো।


"পোৱাটো পায় যাম , কিন্তু তেনে তালিকা আমাৰ কামত নাহে। আমাৰ কাম কৰা পদ্ধতি পৃথক ।তুমি মোক এইখন মঙলবাৰৰ ভিতৰত দিবা । ভালদৰে কাম কৰিবা ডেকা ল'ৰা , ই পিছলৈ তোমাৰ পদোন্নতিত সহায় কৰিব।"-তেখেতে হাঁহি এটা মাৰি ক'লে।


বুকুত সন্দেহজনক চিন্তা আৰু কাষলতিৰ তলত এখন ডাঙৰ বহী লৈ মই মোৰ হোটেল ৰুম আহি পালো। মোৰ মনত অসংখ্য় প্ৰশ্নই জুমুৰি দি ধৰিলে।কিন্তু তেনেতে মোৰ চকু মোৰ ১০০ পাউণ্ডৰ নোটখনৰ ওপৰত পৰিল আৰু মই ভাবিলো যিয়েই নহওক , মই যিহেতু মোৰ পাৰিশ্ৰমিক পালোৱেই , মই মোৰ কামত মনোনিবেশ কৰা উচিত।গতিকে মই নিজৰ কামত লাগি গ'লো। প্ৰথমতে মই ভাবিছিলো যে এইটো অতি সহজ কাম। কিন্তু অতি সোনকালে মই গম পালো যে কামটো মই ভবাৰ দৰে সিমান সহজো নাছিল।গোটেই দেওবাৰটো মই সেই কামটোত লাগি থাকিলো । কিন্তু সোমবাৰলৈ মই মাত্ৰ 'H' লৈকেহে পাইছিলো । গতিকে মই মোৰ মালিকক কৈ আৰু দিন বিচাৰিলো । তেখেতে বিনা দ্বিধাই মোক সময় দিলে আৰু বুধবাৰলৈ মোৰ কাম জমা দিবলৈ ক'লে। কিন্তু মই সেইদিনালৈকেও কামটো শেষ কৰিব নোৱাৰিলো। গতিকে মই শুক্ৰবাৰলৈ সময় বিছাৰিলো , অৰ্থাৎ যোৱাকালিলৈকে।অৱশেষত মোৰ কামটো শেষ হ'ল ।আৰু মই মোৰ বহীখন লৈ মি. হেৰী পিনাৰৰ ওচৰলৈ আহিলো।


তেখেতে ক'লে ,"বহুত বহুত ধন্য়বাদ মি. পয়েক্ৰফ্ট ! তুমি গম নোপোৱা যে তুমি মোৰ কিমান ডাঙৰ সহায় কৰিলা। মই জানো কামতো কৰিবলৈ গৈ তোমাৰ বহুত কষ্ট হ'ল ।"


"কামটোৱে অলপ সময় ল'লে পিছে ।"-মই ক'লো।


"এতিয়া মই বিছাৰো তুমি ফাৰ্নিচাৰ দোকানৰ তালিকা এখন প্ৰস্তুত কৰা।"-তেখেতে ক'লে।


"ঠিক আছে "- মই ক'লো। 


"তুমি কালি ৰাতি ৭ বজাত ইয়ালৈ আহিবা , যাতে তুমি নিজৰ কামৰ খতিয়ান দিব পাৰা । নিজৰ ওপৰত সিমান জোৰ নিদিবা । মাজে মাজে তুমি সন্ধিয়া সংগীত হ'লত গৈ গান শুনি আহিলেও মোৰ কোনো আপত্তি নাই ।"-তেখেতে হাঁহি ক'লে ।কিন্তু এটা কথাই মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। তেখেতে হাঁহি থাকোতে মই দেখিলো যে তেখেতৰ বাওফালৰ এটা দাঁত সোণৰ আছিল। 


শ্বাৰলক হ'মছে উৎফুল্লিত ভাৱেৰে নিজৰ হাত দুখন মোহাৰিলে আৰু আমাৰ বন্ধুৰ ফালে চালে ।


আমাৰ বন্ধুৱে আকৌ কৈ গ'ল,"আপুনি আচৰিত হ'ব পাৰে মি. ৱাটচন , কিন্তু যেতিয়া মই লণ্ডনত তেখেতৰ ভাতৃক মই 'মেচন' নোযোৱাৰ কথাত হঁহা দেখিছিলো , তেতিয়া মই দেখিছিলো তেওৰো এটা বাওফালৰ দাঁত সোণৰ আছিল ।এইটো সঁচা যে এনেকুৱা ডাঙৰ , জিকমিকিয়া দাঁত কাৰো চকুত নপৰাকৈ কেতিয়াও নাথাকে । মই লাহে লাহে মন কৰিব ল'লো যে তেখেত দুজনৰ মাত আৰু শৰীৰৰ অৱয়ৱো একে আছিল। মই জনা মতে তেওলোক দুজনৰ মাজত দাড়ি আৰু চুলিৰ গঠনৰ মাজতহে পাৰ্থক্য় আছিল। মই ক'ব পাৰিম যে তেওলোক দুজন একেজন ব্য়ক্তিয়ে আছিল।মই জানো দুজন ভাতৃ দেখাত একে হ'বও পাৰে , কিন্তু যিয়েই নহওক কোনো অদ্ভুত সংযোগ নহ'লে তেওলোকৰ দাত দুটাও একে ঠাইত কোনোপধ্য়ে থাকিব নোৱাৰে।মই মানুহটো মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে কপি গ'লো। মই তাৰ পৰা ওলাই আহিলো আৰু নিজৰ হোটেল ৰুমলৈ ঘূৰি আহিলো ।মোৰ মূৰত অজস্ৰ চিন্তই ঘৰ কৰিলে । মই থিৰেৰে থাকিব নোৱাৰা হ'লো। তেখেতে মোক বাৰ্মিংহামলৈ কিয় আনিলে? তেখেতে মোৰ লগত কি কৰিব এতিয়া ? তেখেতে কিয় নিজে নিজলৈ চিঠি লিখিলে ?তেখেতে মোৰ আগতে ইয়াত কেনেকৈ আহি পালে?  এনেকুৱা চিন্তাত মোৰ মূৰ ফাটি যোৱা উপক্ৰম হ'ল।তেনেতে মোৰ মনত শ্বাৰলক হ'মছৰ কথা আহিল। এটা অজান ভয়ে মোক আপোনাৰ বন্ধুৰ ওচৰলৈ টানি লৈ আহিল আৰু মোৰ সৌভাগ্য় যে মই আপোনাকো লগ পালো মি. ৱাটচন।


আমাৰ কেৰাণী বন্ধুৱে তেখেতৰ এনে অভূতপূৰ্ব অভিজ্ঞতা আমাৰ আগত প্ৰকাশ কৰি অলপ সময় বিৰাম ল'লে।হ'মছে মোৰ ফালে চাই চকু টিপিয়ালে আৰু ৰেলৰ গাদীদাৰ আসনত পিঠি পেলাই দিলে।অলপ সময় তেও নিজৰ নিৰলস চকুৰে গুণা-গথা কৰি থাকিল ।


"কথাটো খুব ভাল হ'ব"-মনতে ভোৰভোৰাই হ'মছে উত্তৰ দিলে ।


মই তেখেতৰ ফালে চালো আৰু তাৰ কাৰণ সুধিলো। 



sherlock holmes in assamese
আপোনাৰ মতে আপোনাৰ এনেকুৱা কি মূল্য়বান গুণ আছে , যি আন কাৰো ওচৰত নাই ?



"আমি মি. হেৰী পিনাৰক লগ কৰা উচিত হ'ব , হয়নে ৱাটচন? কি কোৱা , আজি তেখেতক তেওৰ ফ্ৰেনকো-মিনলেণ্ড হাৰ্ডৱেৰ কোম্পানী'ৰ অস্থায়ী অফিচত লগ কৰা কথাটোত তুমি সন্মতি জনাবানে?"


"কিন্তু আমি এইটো কৰিম কেনেকৈ?"- মই সুধিলো ।


"সেইটো সহজ"-হল পয়েক্ৰফ্টে চিঞৰি ক'লে,"যিহেতু মই 'ফ্ৰেনকো-মিনলেণ্ড হাৰ্ডৱেৰ কোম্পানী'ৰ বানিজ্য়িক মেনেজাৰ, গতিকে মই কম যে আপোনালোকে ইয়াত কাম বিচাৰি আহিছে ।


"বঢ়িয়া ! মই তেখেতক চাব লাগিব , তেতিয়াহে মই এই খেলখনৰ বিষয়ে নিজৰ মতামত আগবঢ়াব পাৰিম। বাৰু মি. পয়েক্ৰফ্ট , আপোনাৰ মতে আপোনাৰ এনেকুৱা কি মূল্য়বান গুণ আছে , যি আন কাৰো ওচৰত নাই ?"-হ'মছে সুধিলে।



তেখেতে নিজৰ আঙুলি কামোৰাত লাগিল । আমি তেখেতৰ মনোস্থিতি বুজি পালো আৰু অলপ সময় পিছত তেখেতৰ ঘৰৰ পৰা ওলাই আহিলো ।৭ বজালৈকে আমি কৰ্পৰেট স্ট্ৰীটত খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিলো। আমাৰ বন্ধুৱে আমাক ক'লে যে আমি খৰধৰ কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ অফিচটোত আমাৰ বাহিৰে আন কোনো নাথাকিব ।


মই ক'লো,"কেবল আমি মানে?"


তেখেতে ক'লে," তেখেতে কেৱল মোক লগ কৰিবৰ কাৰনে ইয়ালৈ আহে ।"


হ'মছে ক'লে," সঁচাকৈয়ে ৱাটচন , ঘটনাটো আমি ভবাতকৈও বেছি গভীৰ ।"


তেনেতে আমাৰ বন্ধুৱে চিঞৰি আমাক ক'লে ," বা:!, আমাৰ অপেক্ষা পূৰ হ'ল । সেয়া চাওক আমি বিছাৰি থকা ব্য়ক্তিজন ।"


তেখেতে এজন চাপৰ , গহীন আৰু পৰিপাটী মানুহ এজনলৈ আঙুলিয়াই দেখালে যিজনে ৰাস্তাৰ আনটো ফালেৰে আহি আছিল। আমি চাই থকা সময়ত তেখেতে এজন সৰু ল'ৰাৰ ফালে গ'ল , যিজনে সন্ধিয়া সময়ৰ বাতৰি কাকত বিক্ৰী কৰি আছিল ।তেখেতে তৎক্ষণাত খৰধৰকৈ তালৈ গৈ এখন বাতৰি কাকত কিনি ল'লে । বাতৰিকাকতখন খামুচি ধৰি , তেখেতে ৰাস্তাৰ মূৰত নাইকিয়া হৈ গ'ল ।পয়েক্ৰফ্টে ক'লে,"তেখেতে নিশ্চয় কোম্পানীৰ অফিচলৈ গৈছে। মোৰ লগত আহক , মই আপোনালোকক তালৈ লৈ যাম।"


আগতে তেখেতে বৰ্ণোৱা পথেৰে আমি আগবাঢ়ি গ'লো। অলপ সময়ৰ পিছত আমি আধাখোলা দুৱাৰ এখন পালো । আমি দুৱাৰত টুকুৰিয়ালো, এটা গহীন মাতে আমাক ভিতৰলৈ মাতিলে।আমি কোঠাৰ ভিতৰত সোমালো । আমাৰ বন্ধুৱে কোৱাৰ দৰে সেইটো এটা অতি অ-পৰিপাটী কোঠা আছিল। কোঠাৰ এমুৰত এখন টেবুল আছিল , য'ত সেই ব্য়ক্তিজন বহি আছিল আৰু তেওৰ মেজত তেও কিনা বাতৰি কাকতৰ পৃষ্ঠাবোৰ মেলি থৈ দিয়া আছিল। ক'ব গ'লে পৃষ্ঠাবোৰ সিচৰতি হৈ আছিল।


মই তেখেতক দেখা সময়ত তেখেতৰ মুখখন একেবাৰে শুকাই গৈছিল। তেওৰ চেলাউৰি কোচ খাই আছিল। তেখেত যেন দুখৰ সাগৰত ডুব গৈ আছিল , একেবাৰে তেনেকুৱা যেন লাগিছিল। তেখেতে আনকি নিজৰ কেৰাণীজনকো প্ৰথমতে চিনি পোৱা নাছিল। 


"আপুনি অসুস্থ নেকি , মি. পিনাৰ?"-পয়েক্ৰফ্টে সুধিলে।


"মই সুস্থ নহয় , পয়েক্ৰফ্ট ! " কথাষাৰ কওতে তেখেতৰ ওঠ দুটা মেল নোখোৱাৰ দৰে হৈ পৰিছিল,"এই ভদ্ৰলোক দুজন কোন?"-তেখেতে সুধিলে।


পয়েক্ৰফ্টে ক'লে," এজন বাৰ্মনছেৰ নিবাসী মি. হেৰিছ আৰু আনজন মি. প্ৰাইছ , আমাৰ চহৰৰে। এওলোক দুজনে অতি অভিজ্ঞ কৰ্মচাৰী আৰু দূৰ্ভাগ্য়জনকভাবে নিবনুৱা । গতিকে এওলোক দুজনক মই আপোনাৰ ওচৰলৈ লৈ আহিছো। "


পিনাৰে ক'লে," অতি সুন্দৰ ,অতি সুন্দৰ । নিশ্চিতভাৱে আপোনালোকৰ বাবে আমি কিবা নহয় কিবা কৰিব পাৰিম । বাৰু মি. হেৰিচ , আপুনি কি ক্ষেত্ৰত পাৰ্গত?"


"মই এজন গণনাকাৰী " , হ'মছে ক'লে।


"আৰু আপুনি মি. প্ৰাইচ ?" 


"মই এজন কেৰাণী" - মই ক'লো।


"মই আশা কৰিম যাতে আমাৰ কোম্পানীটোৱে আপোনাৰ কাৰণে কিবা কৰিব পাৰিব । যদি সম্ভৱ হয় , আমি আপোনালোকক সোনকালে যোগাযোগ কৰিম। কিন্তু এতিয়া আপোনালোক যাওক ।"


তেখেতে শেষৰ শাৰী বাক্য় আমাক ধমকি দিয়াৰ দ'ৰে দিলে। মই হ'মছৰ মুখলৈ চালো । মি. পিনাৰ থিয় হ'ল আৰু যাবলৈ উদ্য়ত হ'ল। তেনেতে আমাৰ বন্ধু মি. পয়েক্ৰফ্টে ক'লে,"মি. পিনাৰ , মই আপোনাৰ লগত মোৰ কামৰ বিষয়ে আলোচনা কৰিব বিছাৰিছিলো । "


"নিশ্চয় মি. পয়েক্ৰফ্ট , নিশ্চয় ।আপোনাৰ লগত মোৰ বহুত কথা আছে । কিন্তু মোক অলপ সময় দিয়ক । মই আপোনাৰ লগত ভালকৈয়ে কথা পাতিম । কিন্তু তাৰ আগতে মোক ৫ মিনিট সময় দিয়ক । মই অলপ সতেজ হৈ আহো ।" - পিনাৰে ক'লে ," যদি ইচ্ছা কৰে তেন্তে আপোনাৰ বন্ধু দুজনো ইয়াত ৰখি থাকিলে মোৰ কোনো আপত্তি নহ'ব।"


তেও চকীৰ পৰা উঠিল আৰু তেওৰ পিছফালে থকা ৰুমটোত সোমাই গ'ল।হ'মছে মোৰ কাণত ফুচফুচাই ক'লে," এতিয়া কি কৰা যাব? তেও নিশ্চয় পলাব ।"


"অসম্ভৱ ! কাৰণ সেইটো কোঠাত কোনো দৰ্জা বা খিৰিকি নাই।"- পয়েক্ৰফ্টে ক'লে।


"কোঠাটো কেনেকুৱা ? পাৰিপাটী নে?"- হ'মছে সুধিলে।


"কালিলৈকে আছিল"- পয়েক্ৰফ্টে ক'লে।


"তেন্তে তেখেতে কি কৰিব তালৈ গৈছে? এই মানুহজনৰ এনেকুৱা কিবা ৰহস্য় আছে যিটো মই এতিয়াও জানিব সক্ষম হোৱা নাই।মই জানো তেও ভয়ত কঁপি আছিল । কিন্তে কি কথাই তেওক ইমান ভয় খুৱাইছিল?"-হ'মছে ক'লে।


"হয়তো তেখেতে ভাবিছে যে আমি চাগে চৰকাৰী গুপ্তচৰ "-মই ক'লো। 


"হ'ব পাৰে ।"- পয়েক্ৰফ্টে ক'লে।


হ'মছে মূৰ জোকাৰিলে । "আমি অহাৰ ল'গে ল'গে তেওৰ মূখ শেতা পৰা নাছিল । তেওৰ মূখ ইতিমধ্য়ে শেতা পৰা আছিল , আমি অহাৰ আগৰে পৰাই। এইটো হ'ব পাৰে কাৰণ..........."

হ'মছে কথাটো নকৈ ৰৈ গ'ল । এটা তীক্ষ্ণ টুক-টুক শব্দই তেখেতৰ লগতে আমাৰো মনোযোগ আকৰ্ষণ কৰিলে।


"কি কাৰনে তেখেতে নিজে বন্ধ কৰা দুৱাৰখনত টুকুৰিয়াই আছে?"- কেৰাণী জনে ক'লে।


তেনেতে পুনৰবাৰ সেই টুক-টুক শব্দ হ'ল । আমি প্ৰতিজনে দুৱাৰখনলৈ একেথিৰে চাই ল'লো। হ'মছে তেনেতে তেওৰ দৃষ্টি বাতৰি কাকতৰ ফালে লৈ গ'ল । মুহুৰ্ততে তেওৰ চকু আনন্দত উজলি উঠিল।


হ'মছে লগে লগে দুৱাৰখনলৈ চোঁচা ল'বলৈ উদ্য়ত হ'ল । তাকে দেখি আমিও তেনে কৰিলো । আমি একো বুজা নাছিলো তেওৰ মনত কি চলি আছিল মাথো আমি তেওক সহায় কৰাত বেছি মনোনিবেশ কৰিলো। প্ৰথম চেষ্টা বিফল হ'ল , কিন্তু দ্বিতীয় প্ৰচেষ্টাত এটা প্ৰচণ্ড শব্দ কৰি দুৱাৰখন ভাঙি গ'ল।


আমি সেই কোঠাটোত প্ৰবেশ কৰিলো । সঁচাকৈয়ে সেই কোঠাতো একেবাৰে খালী আছিল। কিন্তু আমাৰ ধাৰণা অতি সোনকালে ভূল প্ৰমাণিত হ'ল ।হ'মছে কোঠাটোৰ সিটো মূৰলৈ আঙুলিয়াই দেখালে। কোঠাটোৰ একেবাৰে সিটো মূৰত এটা কোট ওলোমাই থৈ দিয়া আছিল। আমি তালৈ গৈ পোৱাৰ ল'গে ল'গে হ'মছে কোটতো দাঙি দিলে আৰু কি আচৰিত ! তাৰ ভিতৰত এখন সৰু দুৱাৰ আছিল ।


দুৱাৰৰ ভিতৰৰ পৰা টুক-টুক শব্দ তেতিয়াও আহি আছিল । হ'মছে তৎক্ষণাত দুৱাৰখন খুলি দিলে আৰু ভিতৰৰ অৱস্থা দেখি আমি অবাক হৈ গ'লো। ফ্ৰেনকো-মিনলেণ্ড হাৰ্ডৱেৰ কোম্পানীৰ অধ্য়ক্ষই চিপজৰী লোৱা অৱস্থাত আছিল । তেও চিপ লোৱা ৰছীডাল দুৱাৰখনৰ হাঁকোটাৰে ওপৰলৈ উঠি তেওৰ ডিঙিত চেপি ধৰিছিল। আৰু চত্ফতাই তেখেতে দুৱাৰখনত জোতাৰে গুৰিয়াই আছিল । সেইকাৰণে সেই শব্দতো আহি আছিল।

মই লগে লগে তেওৰ ভৰিত ধৰি তেওক দাঙি ধৰিলো ।হ'মছে তেওৰ ৰছীডাল কাটি তেওক তললৈ নমাই আনিলে। আৰু আমি তেওক আনটো ৰুমলৈ লৈ আহিলো।ভাগ্য় ভাল মোৰ ডাক্টৰী বিদ্য়াই কাম দিলে। আধামৰা মানুহজনৰ সম্বিত ঘূৰাই অনাত সক্ষম হ'লো। হ'মছে  পয়েক্ৰফ্টৰ ফালে চালে আৰু পুলিচক মাতিবলৈ নিৰ্দেশ দিলে আৰু পুনৰ চাৰিওফাল পৰীক্ষা কৰাত লাগি গ'ল।


 "মই হ'লে এতিয়াও একো বুজি পোৱা নাই , ইয়াত চলি কি আছে ? আৰু পুলিচ কিয়?"- পয়েক্ৰফ্টে ক'লে।


"ধৈৰ্য্য় ধৰা বন্ধু । মই সকলো ক'ম তোমাক " -হ'মছে ক'লে।


"মানে আপুনি সকলো বুজিছে ?"-কেৰাণীজনে ক'লে।


"প্ৰায় সকলো । কিন্তু তুমি কি ভাবা ৱাটচন?"


"মই মাত্ৰ এইটোৱে ক'ম যে এই পৰিস্থিতি মোৰ চিন্তাৰ পৰিসৰৰ বাহিৰত।"- মই ক'লো।


"কথাবোৰৰ প্ৰতিটো তথ্য় যদি তুমি ভালদৰে মন কৰিলাহেতেন , তুমিও বিষয়বস্তুৰ গভীৰতা ভালকৈ বুজিলাহেতেন। তোমাৰ মনত আছেনে যে আমাৰ বন্ধুক তেখেতে এটা চৰ্ত দিছিল যে তেও "মেছন"ৰ লগত কোনো যোগাযোগ নকৰিব । তেখেতে তেওৰ পৰা সেইটো লিখাই লৈছিল । তোমাৰ নালাগে নে এইটোৱে সমগ্ৰ ভাষ্য়টোৰ আটাইতকৈ গুৰূত্বপূৰ্ণ তথ্য়।"


"মই মন নকৰিলো।" -মই ক'লো।


"চোৱা ৱাটচন, তুমি যদি ভালকৈ ভাবি চোৱা তুমি গ'ম পাবা যে এই কথাটোৰ কিবা প্ৰয়োজন আছিল জানো ? ব্য়ৱসায়ৰ ক্ষেত্ৰত তাৰ কি প্ৰয়োজন? নিশ্চিতভাৱে তেওক আমাৰ বন্ধুৰ হাতৰ আখৰৰ প্ৰয়োজন আছিল আৰু সেইটো লাভৰ বাবে ইয়াতকৈবেছি ভাল উপায় বেলেগ একো নহ'ব ।" -হ'মছে ক'লে।


"কিন্তু তেখেতৰ সেইটোৰ কি প্ৰয়োজন ?"-কেৰাণীজনে ক'লে।


"এই 'কিয়'ৰ উত্তৰ  একেবাৰে সৰল মোৰ বন্ধু । কোনো এজন ব্য়ক্তিয়ে কিয় আনৰ হাতৰ আখৰ সংগ্ৰহ কৰিব? নিশ্চিতভাবে তাৰ প্ৰতিলিপি বনাবলৈ। মি. পিনাৰক কেৱল আপোনাৰ হাতৰ আখৰৰ প্ৰয়োজন আছিল । এতিয়া মই ক'ম তেখেতে কিয় তেনে কৰিছিল ; যাতে আপোনাৰ 'মেছন'ৰ চাকৰিতোৰ পৰা আপোনাক আতৰাই আনি তেখেতে সেই পদতোৰ ব্য়ৱহাৰ কৰিব পাৰে, এনেকুৱা এটা পৰিচয়েৰে , যিজনৰ বিষয়ে মেছনৰ কোনো কৰ্মচাৰীয়ে তেতিয়ালৈকে ভালদৰে নাজানে। কিয়নো তেওলোকে আপোনাক দেখা নাছিল আৰু পিছদিনা আপোনাক টোপ দি ইয়ালৈ মাতি আনিছিল, যিদিনা আপোনাৰ 'মেছন'ত সাক্ষাৎকাৰ আছিল।"


 "হে ভগৱান ! মই কেনেকুৱা মূৰ্খ আছিলো"


"এতিয়া আৰু শুনা , তোমাৰ পৰা তোমাৰ স্বাক্ষৰ লৈ সেইটোৰ সহায়ত তেখেতে তোমাৰ পৰিচয়েৰে কোম্পানীত সোমাল । পৰিচয় তোমাৰ আছিল আৰু কোনোৱে তেওক সন্দেহো কৰা নাছিল ।ইয়াত তোমাক অতি সৰু-সুৰা কিন্তু অদৰকাৰী কামত খটুৱাই ৰাখিলে আৰু উচ্চ বেতনেৰে তোমাক ইয়াত বান্ধি ৰাখিলে যাতে তুমি 'মেছন' যাবলৈ সুবিধা নোপোৱা ।"


"বাপৰে!!"-মই ক'লো।


"আচৰিত কথাটো হ'ল যে ইয়াত অকল এজন মানুহৰ হাত নাছিল , এই সমগ্ৰ ঘটনাটো দুজন মানুহে পৰিচালনা কৰিছিল । তাৰে এজন ইয়াত আৰু আনজন আপোনাৰ পৰিচয়েৰে 'মেছন'ত। মি. পিনাৰে নিজৰ পৰিচয় লুকুৱাবৰ বৰ যত্ন কৰিছিল , কিন্তু তেও অসফল হ'ল।"


"তুমি এইবোৰ কেনেকে জানিলা ?"


"চোৱা ৱাটচন, মোৰ বন্ধুৰ মুখৰ পৰা তথ্য়খিনি শুনি মই তেতিয়াই অলপ অলপ ইয়াৰ গভীৰতা বুজি পাইছিলো। কিন্তু তুমি মোৰ পদ্ধতি জানা। প্ৰমাণ অবিহনে মই কোনো কথা ক'বলৈ টান পাও। যেতিয়া তেখেতে চীপজৰী লৈ আছিল , সেই গোপন কোঠাটোত এখন সৰু টেবুল আছিল , তাত তেও কৰা প্ৰচেষ্টাৰ প্ৰমাণ পোৱা যায়। ডাষ্টবিনত পেলোৱা কাগজবোৰৰ পৰা মই নিশ্চিত হ'লো।যেতিয়া তুমি মুকলি বতাহৰ বাবে খিৰিকি খুলিলা , পোহৰ আহি পাতল কাঠৰ সেই টেবুলত পৰিল আৰু জোৰ কৰি লিখা বাবে মই তাত পৰা কলমৰ চাপবোৰৰ মাজত মই "মি. পয়েক্ৰফ্ট" নামটো বিচাৰি পালো ।মোৰ নিশ্চিত হ'বলৈ আৰু বাকী নাথাকিল।"


"মি. পিনাৰ যে এজনেই তুমি কেনেকৈ জানিলা?"


"চোকা দৃষ্টিৰ ব্য়ক্তি এজনে বিনা দ্বিধাই ক'ব পাৰিব যে যিজন ব্য়ক্তিয়ে কোটৰ জেপত দুখন ফনী আৰু দুটা ভিন্ন ধৰণৰ সুগন্ধি লৈ ঘূৰে , তেও ৰূপ সলনি কৰাৰ চেষ্টা কৰি থকা এজন ন-শিকাৰু । ওলোমাই থোৱা কোটতো আতৰাই দিওতে মই সেইবোৰ দেখিছিলো। বুজিবলৈ বেছি বাকী নাথাকিল।"


"হে ভগৱান , ইমান দিনে মানে মই কেবল বলিৰ পথাহে বনি আছিলো ।মই এতিয়া কি কৰা উচিত মি. হ'মছ? মই কি কৰিম?"


"আপুনি অতি সোনকালে মেছন আৰু পুলিচলৈ খবৰ পঠিয়াওক । আৰু পুলিচলৈ খবৰ পঠিয়াওতে ক'ব যে "মেছন হত্য়াকাণ্ড"ৰ অন্য়তম অভিযুক্তক আমাৰ হাতত আছে।"


"মেছন হত্য়াকাণ্ড!!!!!.........."


"উমম , আপুনি ঠিকে শুনিছে। কিন্তু ঘটনাটো তুমি ভালদৰে ক'বা নে মই ক'ম মি. পিনাৰ ?" হাহি এটা মাৰি তেখেতে মি. পিনাৰলৈ চালে । আমাৰ ৰোগী ইতিমধ্য়ে বহিব পৰা হৈছিল ।


"মই মোৰ কাৰ্যত দু:খিত মি. হ'মছ। আপুনি যিহেতু গ'ম পালেই আপুনিয়েই কওক।"- কৰ্কশ মাতেৰে পিনাৰে ক'লে।হ'মছে টেবুলখনৰ ওচৰলৈ গৈ বাতৰি কাকতখন লৈ আহিল আৰু মোৰ হাতত দিলে । মোৰ মুখৰ মাত নোহোৱা হ'ল কাৰণ বাতৰিৰ প্ৰথম পৃষ্ঠাতে লিখা আছিল," মেছন এণ্ড উইলিয়ামত হত্য়া" ।


মই পঢ়ি গ'লো -

"অলপতে মেছন এণ্ড উইলিয়ামত সন্ধিয়া হোৱা এটা চাঞ্চল্য়কৰ ডকাইতি তথা হত্য়াকাণ্ডই চহৰখনত আতংকৰ সূচনা কৰিছে ।'মেছন এণ্ড উইলিয়াম' চহৰখনৰ এক নামী কোম্পানী আৰু প্ৰায় ১ নিযুত ষ্টাৰ্লিং ব্য়ৱসায়ৰ মালিক । নিৰাপত্তাৰ নামত কোম্পানীটোৱে অস্ত্ৰধাৰী নিৰাপত্তাৰক্ষী নিয়োগ কৰি থৈছে। কিন্তু ইমানবোৰ নিৰাপত্তাৰ পিছতো সংঘটিত হোৱা এই ঘটনাটোৱে সকলোৰে মনত প্ৰশ্নৰ সৃষ্টি কৰিছে । জানিব পৰা ম'তে যোৱা সপ্তাহত 'হ'ল পয়েক্ৰফ্ট' নামৰ এজন কৰ্মচাৰীক কোম্পানীটোৱে নিযুক্তি দিছিল। ব্য়ক্তিজন কুখ্য়াত অপৰাধী বেডিংগটন, যি তেওঁৰ ভায়েকৰ সৈতে, অলপতে পাঁচ বছৰৰ কাৰাদণ্ড ভূগি আহিছে । তেও কোনো প্ৰকাৰেৰে ইয়াত ভৰ্তি হোৱাৰ সুযোগ উলিয়াই ল'লে। কিন্তু তেও সেইটো কেনেকে কৰিছিল সেয়া এতিয়াও ৰহস্য় । মিছা নাম লৈ তেখেতে এই কাৰ্যালয়ত সোমাল আৰু এটা এটাকৈ কোম্পানীৰ প্ৰতিটো তলা, চন্দুকৰ বিষয়ে জ্ঞান লৈ থাকিল। 


মেছনত শনিবাৰৰ দিনটোত কাৰ্মচাৰীসকলক আধাতে চুটী দিয়া হয়।সেইদিনা  চাৰ্জেন্ট টাছন নিজৰ কাম কৰি আছিল । তেও দেখিলে 'মেছন'ৰ পৰা এজন ভদ্ৰলোক ওলাই আহিছে । সচৰাচৰ এনে সময়ত কৰ্মচাৰী কোনো নাথাকে । তেখেতৰ সন্দেহ হ'ল আৰু তেখেতে তেওৰ পিছ ল'লে । আৰু এজন লগৰ অফিচাৰৰ লগত তেখেতক কৰায়ত্ত কৰিবলৈ সক্ষম হ'ল । তেখেতৰ বেগৰ পৰা এশ হাজাৰ পাউণ্ড উদ্ধাৰ কৰা হ'ল । কোম্পানীৰ তালাচী কৰাত নিৰাপত্তাৰক্ষীজনৰ মৃতদেহ দুই টুকুৰা অৱস্থাত পোৱা গ'ল ।অফিচাৰৰ..............."


"ৰৈ যোৱা ৱাটচন ।"- হ'মছৰ কথাত মই ৰখি গ'লো ।


"আশাকৰো আমি আপোনাৰ লগতে পুলিচকো এটা ডাঙৰ সহায় কৰি পাৰিলো । মি. পয়েক্ৰফ্ট , আপুনি বেছি দেৰি কৰা উচিত নহয়। আপুনি পুলিচৰ ওচৰত অনতিপলমে যাওক , বাতৰি আপুনি পিছতো পঢ়িব পাৰিব । তেতিয়ালৈকে এখেতৰ ওচৰত আমি দুয়ো থাকিম ।"


পয়েক্ৰফ্টে ততাতৈয়াকৈ ওলাই গ'ল । কোঠাত থাকি গ'লো মই , হ'মছ আৰু মি. পিনাৰ।


"বাৰু হ'মছ। তুমি জানানে যে হত্য়াকাৰীৰ লগত এওৰ কি সম্বন্ধ? মোৰ মতে এখেতে কোনো হত্য়া কৰা নাই।"


"ঠিকেই ধৰিছা ৱাটচন , কিন্তু তুমিয়ে  কোৱা ভাতৃৰ বেয়া কামত প্ৰথমে সহযোগ কৰা আৰু পিছত ধৰা পৰাৰ ভয়ত আত্মহত্য়াৰ চেষ্টা চলোৱাত পুৰুষালি ক'ত?"


মই মোৰ উত্তৰ পাই গ'লো । হ'মছে নিজৰ চিগাৰত জুই লগালে আৰু খিৰিকিৰ বাহিৰৰ জগত উপভোগ কৰাত লাগিল ।



________________________________________________________

যদি কাহিনীটো পঢ়ি আপোনাৰ ভাল লাগিল , তেন্তে অনুগ্ৰহ কৰি অন্য়লোকলৈও share কৰক , comment ত আপোনাৰ গঠনমূলক পৰামৰ্শৰ আশা ৰাখিলো ।


Comments

  1. porhi bhal laagil
    sherlock holmes r kaahini axomiyat tenei kom
    tumaar podokhyep xosakoi e proxongxaar paatro
    tumar uzzal bhobishyot kaamona korilu

    ReplyDelete
  2. I was searching for this story in assamese
    thank you so much Benzwrite

    ReplyDelete

Post a Comment

Popular posts from this blog

শিহৰণকাৰী চুটী গল্প ভাগ ১ - short assamese horror story | by Benzwrite

শিহৰণকাৰী চুটী গল্প ভাগ ৩ - short assamese horror story | by Benzwrite