শিহৰণকাৰী চুটী গল্প ভাগ ১ - short assamese horror story | by Benzwrite

short assamese horror story | by Banajit Rajbongshi


মই আৰু মোৰ স্ৱামী পুৰনি ঘৰবোৰৰ ব্য়ৱসায় কৰো। সচৰাচৰ আমি কোনো এটা ঘৰ কমদামত কিনি তাক নতুন ৰূপ দি তাক বেছি দামত বিক্ৰী কৰি মুনাফা আদায় কৰো । মোৰ তেনে কাম কৰি বহুত ভাল লাগে , বিশেষকৈ পুৰনি ঘৰবোৰৰ ৱালবোৰত লাগি থকা সুন্দৰ আৱৰণিবোৰ ,ইংৰাজীত ৱালপেপাৰ (walpaper) বুলি কয়, সেইবোৰ আঁতৰাই মই বহুত ভাল পাঁও । মই আঁতৰাই দিও, আৰু তাৰ পিছত মোৰ স্ৱামীয়ে তাত ৰং কৰি তাৰ সৌন্দৰ্য বঢ়াই তোলে । ক'বলৈ গ'লে ৱালপেপাৰ গুচোৱা কামটোত মই বহুত শান্তি পাও । কঠিন কঠিন ৱালবোৰৰ পৰা ধাৰ থকা চুৰীৰে যেতিয়া আলুৰ পৰা বাকলি গুচোৱাৰ দৰে ৱালপেপাৰৰ তৰপবোৰ কাটি উলিয়াই দিয়া হয়, তাৰ শব্দটো সঁচাকৈয়ে কিবা ধৰণৰ , কিন্তু শুনি মনত কিবা এটা আনন্দৰ শিহৰণ জাগি উঠে।

মোৰ ভালদৰে মনত আছে , তেতিয়া জুন মাহৰ উৎকট গৰমৰ দিন আছিল। মই আৰু মোৰ স্বামীয়ে আমেৰিকাৰ পেঞ্চিলভেনিয়াত ঘৰ এটা কিনিছিলো । সময় মোৰ হাতত বহুত আছিল আৰু মোৰ স্বামী আদালতৰ ওচৰত আমি কিনা ঘৰটোৰ কাগজ- পত্ৰবোৰ জমা দিবলৈ গৈছিল। মই নিজৰ কামত লাগি গৈছিলো । তেখেত ঘূৰি অহালৈকে প্ৰায় গধূলি হৈছিল । আমাৰ নতুন ঘৰটোৰ নক্সা একেবাৰে আচৰিত ধৰণৰ আছিল । য'তে ত'তে দুৱাৰ খিৰিকি অপ্ৰয়োজনীয়ভাৱে বনোৱা হৈছিল । ঘৰটোৰ কেৱল দুটা ৰুমতহে ৱালপেপাৰ লগোৱা গৈছিল । ৱালপেপাৰবোৰো আচৰিত ধৰণে শেঁতাপৰা বিধৰ আছিল । সেইকাৰণে তাক কাটিবলৈ মোৰ অলপ কষ্ট হৈছিল । তেনেদৰে প্ৰায় দুদিন পাৰ হৈ গৈছিল । সেইদিনা মই তেনেদৰে খিৰিকিৰ ওচৰৰ ৱালপেপাৰবোৰ কাটিবলৈ যত্ন কৰি আছিলো । মই মন কৰিলো ৱালপেপাৰৰ একেবাৰে তলত "চাইৰাচ ৱাৰ্নাৰ, ২৩/৩/১৯৭৬" বুলি লিখা আছিল । কথাটোত মই সিমান গুৰুত্ব নিদিলো কিন্তু সেইদিনাৰ পৰা মই মন কৰিলো , অলপ ভালকৈ লক্ষ্য় কৰিলে প্ৰতিটো তৰপতে তেনেধৰণৰ নাম আৰু তাৰিখ লিখা আছিল।

কথাটোৱে মোৰ মনত এনেধৰণে সাঁচ পেলালে যে সেই ৰাতি স্বামী অহাৰ পিছত , ৰাতিৰ আহাৰ গ্ৰহণ কৰি মই কম্পিউটাৰৰ আগত বহিলো। গুগলত "চাইৰাচ ৱাৰ্নাৰ" বিচাৰি চালো । অলপ সময়ৰ পিছতে যেন মই একেবাৰে ভিতৰৰ পৰা জোকাৰণি খাই গ'লো । আজিৰ পৰা প্ৰায় ৩৮ বছৰ আগতে তেখেত ৰহস্য়জনকভাৱে সন্ধানহীন হৈ পৰিছিল। পুলিচ ৰেকৰ্ডত বিচাৰোতে মই পালো যে তেখেতৰ সন্ধানহীনতাৰ এজাহাৰ এজন অজ্ঞাত ব্য়ক্তিয়ে ২১/৩/১৯৭৬ তাৰিখে দিছিল ; অৰ্থাৎ দুদিন আগত !!মই বাকিবোৰ নামো এবাৰ এবাৰকৈ বিছাৰি চালো । মই সপোনত আছিলো নে দিঠকত, মই ভালদৰে নাজানো কিন্তু প্ৰতিজন ব্য়ক্তিয়ে নিজৰ নিজৰ সময়ত সন্ধানহীন ব্য়ক্তিৰ তালিকাত আছিল আৰু তেওলোকক আজিলৈকে বিছাৰি পোৱা নগৈছিল। মোৰ চিন্তাই পাৰাপাৰ নোপোৱাত মই পিছদিনা স্বামীৰ লগত মিলি গোটেই ঘৰটোৰ ৱালপেপাৰ বোৰ পৰীক্ষা কৰিলো। আৰু সকলোতে বেলেগ বেলেগ নাম আৰু তাৰিখৰ  উপস্থিতি বিছাৰি পালো । 

মই অনতিপলমে পুলিচক খবৰ দিলো । আমাৰ দেশৰ দৰে ইয়াত পুলিছে এইবোৰ বিষয়ত বেছি পলম নকৰে। তেওলোক আহিল আৰু ৱালপেপাৰবোৰ পৰীক্ষা কৰাত লাগিল। পুলিচৰ হাও-ভাওবোৰ চাই মোৰ বোধ হ'ল যে ঘটনাটো স্বাভাৱিক নহয় । 

তেনেতে ফৰেনচিক বিভাগৰ অফিচাৰ এজনে আহি মোক ক'লে ,"এইখিনি মানুহৰ । " 

"মানুহৰ !!" - মই আচৰিত হৈ সুধিলো ।

"এইবোৰ কাগজৰ ৱালপেপাৰ নহয় , মানুহৰ চালৰ । পিছে আপোনাৰ স্বামী ক'ত?" -তেখেতে মোৰ ফালে চাই ক'লে।

মই আচৰিত হৈ মোৰ স্বামীৰ ফালে চালো । তেখেতে মোৰ ফালে চাই মিচিকিয়াই হাঁহি  আছিল ।

________________________________________________________

যদি কাহিনীটো পঢ়ি আপোনাৰ ভাল লাগিল , তেন্তে অনুগ্ৰহ কৰি অন্য়লোকলৈও share কৰক , comment ত আপোনাৰ গঠনমূলক পৰামৰ্শৰ আশা ৰাখিলো ।

Comments

  1. porhi bhal laagil
    last r twist tu besi hundor asil
    the way , the husband turns to evil , it was nice to see
    good work
    keep it up.

    ReplyDelete
  2. bohut bhal laagil porhi
    aaru kahinir kaarone wait korim

    ReplyDelete
  3. Val lagil pohi, khub dhuniya hoise, Ru agg bahi juwa

    ReplyDelete
  4. This is really a great piece. The last twist was very awesome. Please give us more stories like this. A really fantastic work.

    ReplyDelete
  5. Arindom RajbongshiJune 14, 2021 at 11:54 PM

    bohut bhal laagil porhi
    the last twist gave me goose-bump

    ReplyDelete

Post a Comment

Popular posts from this blog

শিহৰণকাৰী চুটী গল্প ভাগ ৩ - short assamese horror story | by Benzwrite

এজন কেৰানীৰ ৰহস্য়ময়ী অভিযান - assamese translation of Sherlock Holmes' series "The Stockbroker's Clerk" of Aurther Conan Doyle | by Benzwrite