শিহৰণকাৰী চুটী গল্প ভাগ ২ - short assamese horror story | by Benzwrite

assamese horror story , a bunch of famous short scary stories which gives you goosebump

"ক'ত আছা তুমি ?" - মই জোৰেৰে চিঞৰিলো ।মই বহুত বেয়াকৈ চিঞৰিলো। ভয় আৰু যন্ত্ৰনাত যেন মই কাতৰ হৈ পৰিছিলো । মই নিৰুপায় আছিলো। মোৰ সন্মুখত এখন বিশাল পথাৰ আছিল । যন্ত্ৰনাকাতৰ চিঞৰবোৰে সন্মুখৰ পাহাৰত খুন্দা খাই উলটি আহি পুনৰ মোৰ কাণত পৰিছিল । নিজৰ মাতত যেন মই মোৰ নিজৰে দূখবোৰ বুজিব পাৰি গৈছিলো।

সময়বোৰ ইমান সোনকালে পাৰ হৈ গৈছিল যে মই ক'বই পৰা নাছিলো । সৌ সিদিনাৰ কথা আছিল তাইক প্ৰথম লগ পোৱা । প্ৰেমৰ শৰে মোক এনেকৈয়ে বিন্ধিছিল যে মই যেন নিজৰ সকলো তাইৰ মাজতে অৰ্পন কৰিব বিছাৰিছিলো। তাইৰ যাদু এনে মধুময় আছিল যেন মোৰ সমস্ত বিশৃংখল জীৱনে যেন তাইৰ পৰশত প্ৰাণ পায় উঠিছিল ।

মই পথাৰৰ মাজলৈ দৌৰি গ'লো । বোকাৰে ভৰা পথাৰ, পানীৰে জপজপীয়া হৈ থকা মাটিয়ে যেন প্ৰতি খোজতে মোৰ ভৰিখনক গিলিব ধৰিছে । মই মোৰ প্ৰেমিকাৰ কাৰণে তথাপিও আগবাঢ়ি গৈ থাকিলো । প্ৰতিটো স্থান তন্ন-তন্নকৈ পৰীক্ষা কৰিলো , কিন্তু ক'তো তাইৰ চিনচাব নাই । দূৰণিত এটা ভঁৰাল ঘৰ আছিল । মই সেইতোলৈ লৰ মাৰিলো , তাইক বিছাৰি বিছাৰি ।

তাইৰ হেনো পথাৰৰ মাজত থকা তেনে ভঁৰালসদৃশ ঘৰবোৰ বৰ ভাল লাগে । মইও লাহে লাহে থিৰাং কৰিছিলো যে যেতিয়া আমাৰ বিয়া হ'ব আমিও চহৰৰ তেনে ব্য়স্ততাময় পৰিবেশৰ পৰা আতৰত তেনে এক মধূৰ ঠাইত নিজৰ সাংসাৰিক জীৱন-যাপন আৰম্ভ কৰিম । 

assamese horror story , a bunch of famous short scary stories which gives you goosebump
তাইৰ হেনো পথাৰৰ মাজত থকা তেনে ভঁৰালসদৃশ ঘৰবোৰ বৰ ভাল লাগে
ঘৰটোৰ দুৱাৰখন একেবাৰে উৱলি যোৱাবিধৰ আছিল কিন্তু সি ইমানেই কঠিন আছিল যে মই তেনে অৱস্থাত তাক হয়তো অকলে বলেৰে খুলিব নোৱাৰিম।

মই চাৰিওফালে বিচাৰি চালো । দেখিলো কিবা এটা গধুৰ বস্তু চোঁচৰাই অনাৰ চিন । বনবোৰ কোমল আছিল বাবে তাৰ ওপৰেদি কিবা এটা গধুৰ বস্তু চোঁচৰাই আনিলে চিন পৰাটো স্বাভাৱিক । মই সেই পথেৰে অলপ আগুৱাই গ'লো । দেখিলো সেই চিপৰাংখন !!  হয়টো সেই নৰপিশাচে সেইখন তাত এৰি গৈছিল। একোকে নাভাবি মই তাৰ পৰা সেইখন উঠাই আনিলো । সৰ্বশক্তিৰে কৰা প্ৰহাৰত অৱশেষত দুৱাৰখন ভাঙি গ'ল । 

বেলি প্ৰায় লহিয়াবলৈ হৈছিল । মই ঘৰটোৰ ভিতৰত সোমাই গ'লো । ভিতৰত কিবা এটা পুতি থোৱাৰ চিন !! মই চিঞৰি তাৰ ওচৰ পালো । ভিতৰৰ পৰা এতিয়াও প্ৰাণৰ মমতাত মোৰ প্ৰিয়াই চিঞৰি আছিল ।

মোৰ হাতত সেই চিপৰাংখনৰ বাহিৰে বেলেগ একোৱেই নাছিল । মই যিমান জোৰে পাৰিলো খান্দিবলৈ ধৰিলো । ইমান পৰিশ্ৰমৰ পিছত পুনৰ পৰিশ্ৰম কৰাৰ মোৰ সাহস নাছিল , কিন্তু তাইৰ প্ৰতি থকা মোৰ অগাধ ভালপোৱাই মোক শক্তি যোগাই থাকিল । অৱশেষত মোৰ প্ৰিয়াৰ বান্ধি ৰখা শৰীৰ মই উদ্ধাৰ কৰিবলৈ সমৰ্থ হ'লো । তাই এতিয়াও উশাহ লৈ আছিল । মই তাইৰ কপালত চুমা খালো । তাই চিৎকাৰ কৰি উঠিল । মই মোৰ জেপত হাত ভৰালো আৰু ক্ল'ৰ'ফৰ্ম (বেহুচ কৰা দ্ৰৱ) ভৰ্তি ৰুমাল খন তাইৰ নাকত লগাই দিলো । তাইৰ চিঞৰ বন্ধ হ'ল । হয়টো তাই মোক এৰি বেলেগক ভাল পোৱাটো মই সহ্য় কৰিব নোৱাৰিম । ইমান কোৱা পিছতো তাই মোৰ প্ৰেম কেতিয়াও গুৰুত্বসহকাৰে নল'লে। গতিকে তেনে কৰিহে তাইক সদায় মই মোৰ ওচৰত ৰাখি থ'ব পাৰিম । 

তাইক পুনৰ সুন্দৰকৈ পুতি থৈ মই আমাৰ সপোনৰ ঘৰখনৰ দুৱাৰখন বন্ধ কৰি দিলো ।দিনটোৰ ইমান কষ্টৰ পিছতো যেন আজি মোৰ মনত অপাৰ আনন্দ । মই দুৱাৰ বন্ধ কৰি পুনৰ সেই চিপৰাংখন সেই ঠাইতে থ'লো , য'ত মই ইয়ালৈ পুনৰবাৰ অহাৰ আগতে সেইখন থৈ গৈছিলো । 

________________________________________________________

যদি কাহিনীটো পঢ়ি আপোনাৰ ভাল লাগিল , তেন্তে অনুগ্ৰহ কৰি অন্য়লোকলৈও share কৰক , comment ত আপোনাৰ গঠনমূলক পৰামৰ্শৰ আশা ৰাখিলো ।






Comments

Post a Comment

Popular posts from this blog

শিহৰণকাৰী চুটী গল্প ভাগ ১ - short assamese horror story | by Benzwrite

শিহৰণকাৰী চুটী গল্প ভাগ ৩ - short assamese horror story | by Benzwrite

এজন কেৰানীৰ ৰহস্য়ময়ী অভিযান - assamese translation of Sherlock Holmes' series "The Stockbroker's Clerk" of Aurther Conan Doyle | by Benzwrite