Posts

Showing posts with the label horror

সাক্ষাৎকাৰ - অসমীয়া শিহৰণকাৰী গল্প (assamese horror story) - by Benzwrite

Image
মোৰ আগৰে পৰা এগৰাকী সুন্দৰী ছোৱালীৰ লগত ফুৰিবলৈ মন আছিল । কাৰণ মই আছিলো ল'ৰা স্কুলত পঢ়া আৰু সৰুৰে পৰা কোনো ছোৱালীৰ লগতে মোৰ প্ৰেমৰ সম্বন্ধ গঢ় লৈ উঠা নাছিল । তাতে মই সৰুৰে পৰা গোমোঠা আছিলো , কোনো মানুহৰ লগত তেনেকে কথা পাতিবলৈ মোৰ ভয় লাগিছিল । তেনেকুৱা এক শুকান জীৱনত যদি কোনো ছোৱালীয়ে উপযাচি আপোনাক নিজে লগ কৰিব মাতে আপুনি বাৰু নাযাবনে ?নিশ্চয় যাব । মোৰ লগতো তেনেকুৱাই হৈছিল ।তাই হস্পিতেল এখনৰ নাৰ্চ আছিল । দেখাত সুন্দৰ সুঠাম চেহেৰাৰ ছোৱালী জনীৰ মুখত লাৱন্য়ৰ পৰশে যেন সোণত সুৱগা চৰাইছিল । তাইৰ হাঁহিত মই মোৰ জীৱনত বিছাৰি ফুৰা অমৃতকলহৰ সন্ধান পাই গৈছিলো ।  মই তাইক হস্পিতেলৰ মৃতশালৰ সন্মূখত লগ পাইছিলো । তাই মোৰ ফালে চাই মিচিকিয়াই আছিল যেতিয়া মই সেই বিভৎস পৰিবেশৰ পৰা ওলাই আহিব লৈছিলো । তাই মোৰ কাষ চাপি আহিছিল আৰু মোক তাত অহাৰ কাৰণ সুধিছিল । মই আৰু মোৰ বন্ধুৰ এটা দুৰ্ঘটনা হৈছিল আৰু মই সেইকাৰনে হস্পিতেল আহিব লগা হৈছিল।দুৰ্ঘটনাটোত মোৰ মূৰত অলপ দুখ পাইছিলো কিন্তু মোৰ বন্ধুজন বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল । মই তাৰ কাৰণে তাত ৰখি থকা বুলি ক'লো । তাই মোক গেটৰ সন্মুখলৈ থ'ব আহিছিল আৰু সুধিছিল যে

শিহৰণকাৰী চুটী গল্প ভাগ ৩ - short assamese horror story | by Benzwrite

Image
জুন মাহৰ ফৰকাল বতৰ । ঘৰত সকলো শুই গৈছিল । মই মোৰ লেপটপৰ আগত বহি কিবা লিখি আছিলো। তেনেতে হঠাৎ মোৰ লেপটপত এটা মেছেজ আহিল । মই সঁচাকৈয়ে চক্ খাই গ'লো , কিয়নো মোৰ লেপটপত কোনো ধৰণৰ ইণ্টাৰনেট সংযোগ কৰা হোৱা নাছিল । মই আজি আবেলিৰ পৰা মোৰ সকলো ইণ্টাৰনেট বন্ধ কৰি থৈ দিছিলো । তেন্তে মেছেজটো আহিল কেনেকৈ?  চিন্তাৰ পাৰাপাৰ নোপোৱা হৈ পৰিলো। মই মেছেজটোত ক্লিক কৰিলো । তেনেতে হঠাতে মোৰ ফোনটো বাজি উঠিল । মোৰ বুকুৰ ধপধপনি যেন মই কাণেৰে শুনি পোৱা হৈ গ'লো। মই লগে লগে ফোনটো কাটি দিলো। কিন্তু ফোনটো কাট নাখালে । সি বাজিয়েই থাকিল .... খং আৰু ভয়ত ফোনটো ৱালৰ ফালে দলিয়াই দিলো । কিন্তু তেতিয়াও অবিৰতভাৱে সি বাজিয়েই থাকিল । উপায়বিহীন হৈ মই ফোনটো তুলি ল'লো আৰু তাক ৰিছিভ কৰি দিলো ।  ফোনটোৰ সিটোমূৰত মই এজনী ছোৱালীয়ে কান্দি থকা শুনিবলৈ পালো। তাইৰ কান্দোনত যেন এটা চেপি ৰখাই থোৱা ভাৱ মই অনুভৱ কৰিব পাৰিলো । তাই ক'বলৈ ধৰিলে-  "মই কি ক'ৰো ? মোক কোনেও ভাল নাপায় , সকলোৱে মোক বেয়া পায় ।মোৰ মা-দেউতায়ো মোক বেয়া পায় ।" মই সাহস গোটাই ক'লো,"কোন হয় তুমি ? " তাই এটা বিভৎস হাহি মাৰিলে আৰু পুনৰ

"এখন মুকলি চিঠি "- a letter from your internal demon(asur) | assamese horror story | from benzwrite.blogspot.com

Image
মোৰ প্ৰিয় বন্ধু ,  তোমালৈ মোৰ মৰম যাঁচিলো । তুমি মোক অলপো চিনি নোপোৱা , কিন্তু মই তোমাক বহুত ভালদৰে চিনি পাওঁ । মই সেই তিনি ৰাক্ষসৰ মাজত এজন , যিকেইজনৰ হাতত তোমাৰ জন্মৰ সময়ত তোমাক গটাই দিয়া হৈছিল ।  তুমি নিশ্চয় জানা , কিছুমান মানুহক জীৱনত সকলো প্ৰাপ্ত কৰিবলৈ ওপৰৰ পৰা পঠিওৱা হৈছে, কিন্তু তুমি, মই সেই শ্ৰেণীত নপৰো । আৰু সেই কথাত আমি মূৰ ঘমোৱাৰ কোনো প্ৰয়োজনো নাই ।মই কিমান কঠোৰ , নহয়নে !! কিন্তু আমি হয়নো কোন ?  তোমালোকৰ আজ্ঞামতে মই আমাক তিনিওজনকে চিনাকী কৰাই দিবলৈ বিচাৰো। 'লাজ' হৈছে মোৰ ভাই , যিজন তোমাৰ বাওফালে বহি আছে । লাজে কয় তুমি ভয়াতুৰ ,যিবোৰ তুমি স্বাভাবিক বুলি ভাবা ,তাক অস্বাভাৱিক কৰি সি ভাল পায় । মোৰ ভাতৃৰ বাবে তুমি নিজকে ঘিন কৰা । মোৰ দাদা 'ভয়' আমাৰ গুৰু । তাৰ কাৰণে আমি জীয়াই আছো । মোৰ দাদাৰ কিছুমান ঐশ্চৰিক গুণ আছে । দাদাই যিকোনো আন্ধাৰ ৰুমকে ভূতৰ স্থান বনাই দিব পাৰে । মোৰ দাদাৰ মহিমাৰ কাৰণে সকলো ৰাস্তাত চলা-ফুৰা কৰা মানুহৰ মাজত তুমি তোমাৰ হত্য়াকাৰীক দেখা পোৱা  । মোৰ হাহি উঠে যেতিয়া মই দেখো , তাৰ কাৰেণে তুমি তোমাৰ মনৰ কথা তোমাৰ প্ৰেয়সীক ক'ব নোৱাৰা । মোৰ দাদাই ত