"এখন মুকলি চিঠি "- a letter from your internal demon(asur) | assamese horror story | from benzwrite.blogspot.com

a letter from your internal demon , that provide you the most ethical way to conquer your all weakness and have a life of full of joy and adventure .

মোৰ প্ৰিয় বন্ধু , 

তোমালৈ মোৰ মৰম যাঁচিলো । তুমি মোক অলপো চিনি নোপোৱা , কিন্তু মই তোমাক বহুত ভালদৰে চিনি পাওঁ । মই সেই তিনি ৰাক্ষসৰ মাজত এজন , যিকেইজনৰ হাতত তোমাৰ জন্মৰ সময়ত তোমাক গটাই দিয়া হৈছিল । 

তুমি নিশ্চয় জানা , কিছুমান মানুহক জীৱনত সকলো প্ৰাপ্ত কৰিবলৈ ওপৰৰ পৰা পঠিওৱা হৈছে, কিন্তু তুমি, মই সেই শ্ৰেণীত নপৰো । আৰু সেই কথাত আমি মূৰ ঘমোৱাৰ কোনো প্ৰয়োজনো নাই ।মই কিমান কঠোৰ , নহয়নে !! কিন্তু আমি হয়নো কোন ? 

তোমালোকৰ আজ্ঞামতে মই আমাক তিনিওজনকে চিনাকী কৰাই দিবলৈ বিচাৰো। 'লাজ' হৈছে মোৰ ভাই , যিজন তোমাৰ বাওফালে বহি আছে । লাজে কয় তুমি ভয়াতুৰ ,যিবোৰ তুমি স্বাভাবিক বুলি ভাবা ,তাক অস্বাভাৱিক কৰি সি ভাল পায় । মোৰ ভাতৃৰ বাবে তুমি নিজকে ঘিন কৰা ।

মোৰ দাদা 'ভয়' আমাৰ গুৰু । তাৰ কাৰণে আমি জীয়াই আছো । মোৰ দাদাৰ কিছুমান ঐশ্চৰিক গুণ আছে । দাদাই যিকোনো আন্ধাৰ ৰুমকে ভূতৰ স্থান বনাই দিব পাৰে । মোৰ দাদাৰ মহিমাৰ কাৰণে সকলো ৰাস্তাত চলা-ফুৰা কৰা মানুহৰ মাজত তুমি তোমাৰ হত্য়াকাৰীক দেখা পোৱা  । মোৰ হাহি উঠে যেতিয়া মই দেখো , তাৰ কাৰেণে তুমি তোমাৰ মনৰ কথা তোমাৰ প্ৰেয়সীক ক'ব নোৱাৰা । মোৰ দাদাই তোমাক নিজৰ মাজতে বন্ধ কৰি পেলাই দিব পাৰে। 

তেন্তে মইনো কোন ? মই সেই তিনিজনৰ মাজত আটাইতকৈ ভয়ানক ৰাক্ষস । কিন্তু চিন্তা নকৰিবা , মই তোমাৰ বন্ধুও হ'ব পাৰো । যেতিয়া তোমাৰ কোনো নাথাকে , মই সদায় তোমাৰ ওচৰত থাকি তোমাক সংগ দিবলৈ যত্ন কৰো , তুমি মোক নিজৰ বন্ধু বুলি নাভাবা সেইটো সম্পূৰ্ণ তোমাৰ কথা । কিন্তু তুমি মোৰ মাজতে থাকা , আৰু মই তোমাৰ । মইয়ে সেই অসুৰ , যি তোমাৰ সকলো বেয়া চিন্তাৰ আধাৰ । তোমাৰ ভিতৰত শুই থকা সেই পশুটোৰ ৰখীয়া মইয়েই । 

মোক বিচাৰি পালানে ? বৰ বেছি টান নহয় । পোহৰ কোঠাত থকা সকলো দাপোনতে তুমি মোক পাবাই ।


তোমাৰ হিতৈশী 

'মই'

________________________________________________________

যদি আপোনাৰ পঢ়ি ভাল লাগিল , তেন্তে অনুগ্ৰহ কৰি অন্য়লোকলৈও share কৰক , comment ত আপোনাৰ গঠনমূলক পৰামৰ্শৰ আশা ৰাখিলো ।



Comments

  1. Wooow 😳, bhal lagile porhi . Olop beleg dhoronor kothabur 👌🏼

    ReplyDelete
  2. Absolutely, this is a wonderful, fantastic and of course, a mysterious letter, every word of this letter is true. Keep writing , your stories always surprises me .

    ReplyDelete
  3. every time a new twist
    #the_flavours_of_twist

    ReplyDelete

Post a Comment

Popular posts from this blog

শিহৰণকাৰী চুটী গল্প ভাগ ১ - short assamese horror story | by Benzwrite

শিহৰণকাৰী চুটী গল্প ভাগ ৩ - short assamese horror story | by Benzwrite

এজন কেৰানীৰ ৰহস্য়ময়ী অভিযান - assamese translation of Sherlock Holmes' series "The Stockbroker's Clerk" of Aurther Conan Doyle | by Benzwrite