শিহৰণকাৰী চুটী গল্প ভাগ ৩ - short assamese horror story | by Benzwrite

শিহৰণকাৰী চুটী গল্প ভাগ ২ -  short assamese horror story | by Banajit Rajbongshi


জুন মাহৰ ফৰকাল বতৰ । ঘৰত সকলো শুই গৈছিল । মই মোৰ লেপটপৰ আগত বহি কিবা লিখি আছিলো। তেনেতে হঠাৎ মোৰ লেপটপত এটা মেছেজ আহিল । মই সঁচাকৈয়ে চক্ খাই গ'লো , কিয়নো মোৰ লেপটপত কোনো ধৰণৰ ইণ্টাৰনেট সংযোগ কৰা হোৱা নাছিল । মই আজি আবেলিৰ পৰা মোৰ সকলো ইণ্টাৰনেট বন্ধ কৰি থৈ দিছিলো । তেন্তে মেছেজটো আহিল কেনেকৈ? 

চিন্তাৰ পাৰাপাৰ নোপোৱা হৈ পৰিলো। মই মেছেজটোত ক্লিক কৰিলো । তেনেতে হঠাতে মোৰ ফোনটো বাজি উঠিল । মোৰ বুকুৰ ধপধপনি যেন মই কাণেৰে শুনি পোৱা হৈ গ'লো। মই লগে লগে ফোনটো কাটি দিলো। কিন্তু ফোনটো কাট নাখালে । সি বাজিয়েই থাকিল ....

খং আৰু ভয়ত ফোনটো ৱালৰ ফালে দলিয়াই দিলো । কিন্তু তেতিয়াও অবিৰতভাৱে সি বাজিয়েই থাকিল । উপায়বিহীন হৈ মই ফোনটো তুলি ল'লো আৰু তাক ৰিছিভ কৰি দিলো । 

ফোনটোৰ সিটোমূৰত মই এজনী ছোৱালীয়ে কান্দি থকা শুনিবলৈ পালো। তাইৰ কান্দোনত যেন এটা চেপি ৰখাই থোৱা ভাৱ মই অনুভৱ কৰিব পাৰিলো । তাই ক'বলৈ ধৰিলে- 

"মই কি ক'ৰো ? মোক কোনেও ভাল নাপায় , সকলোৱে মোক বেয়া পায় ।মোৰ মা-দেউতায়ো মোক বেয়া পায় ।"

মই সাহস গোটাই ক'লো,"কোন হয় তুমি ? "

তাই এটা বিভৎস হাহি মাৰিলে আৰু পুনৰ কান্দিব ধৰি মোক ক'লে ,"সি মোক ঠগিলে !"

মই একো কথা চিন্তা কৰিব পৰা অৱস্থাত নাছিলো । মই ভাবিবই পৰা নাছিলো যে মই ভয় খাও নে তাইক সান্তনা দিও ?

তাই পুনৰ মিচিকিয়া মাতেৰে ক'বলৈ আৰম্ভ কৰিলে ,"সি মোৰ বাবে সকলো আছিল , বহুত ভাল পাইছিলো তাক , নিজতকৈও বেছি বিশ্বাস কৰিছিলো " । 

তাইৰ মাত পুনৰ ভয়ানক হৈ আহিল , " সি মোক বিশ্বাসঘাটকতা কৰিলে । মই তাক বিশ্বাসত দিয়া মোৰ গোপন ফটোবোৰ সি আজি ভাইৰেল কৰি দিলে, এতিয়া সকলোৰে মোবাইলত মোৰ ফটো ,মোৰ ফোন আজি অচিনাকীৰ অশ্লীল মেছেজেৰে ভৰপূৰ । এই কথা কালিৰ ভিতৰত মা-দেউতাৰ কাণত পৰিব । তাৰ পিছত কি হ'ব ? ওচৰ-চুবুৰীয়াৰ আগত মই কেনেকে মূখ উলিয়াম ? মোৰ হাতত আত্মহত্য়াৰ বাদে আন একো বেলেগ উপায় নাই । মই সেই কাৰণে তোমাক ফোন কৰিছো । তুমি ক'বানে মই কি ক'ৰা উচিত ?"

মোৰ যেন সমগ্ৰ শৰীৰ ঠাণ্ডা হৈ আহিল ।তেনেতে হঠাৎ এটা বিকত চিঞৰ মাৰি তাইৰ উচুপনি বন্ধ হ'ল । এটা গলগলীয়া মাত মোৰ কাণত পৰিল । সি মোক কবলৈ ধৰিলে ,"যদি তোমাক ভাল পোৱা মানুহবোৰে কথাটো শুনিবই নাপাই তেন্ত তুমি সদাই তেওলোকৰ মৰমৰ পাত্ৰ হৈ থাকিবা । "

মোৰ মূখত এটা হাঁহি ওলাই গ'ল । মই কেতিয়া মোৰ লেপটপৰ আগৰ পৰা উঠি মোৰ আইনাৰ আগত আহি বহি আছিলো গমেই পোৱা নাছিলো । মই মোৰ ড্ৰয়াৰটো খুলিলো । তাত দেউতাৰ পৰা লুকুৱাই অনা পিষ্টলটো এতিয়াও আছিল । ঘৰৰ সকলো মানুহ আৰামত শুই আছিল । মই এজন এজনকৈ সকলোকে শেষ কৰা আৰম্ভ কৰিলো।  

________________________________________________________

যদি কাহিনীটো পঢ়ি আপোনাৰ ভাল লাগিল , তেন্তে অনুগ্ৰহ কৰি অন্য়লোকলৈও share কৰক , comment ত আপোনাৰ গঠনমূলক পৰামৰ্শৰ আশা ৰাখিলো ।

Comments

  1. এইটো এটা সঁচাকৈয়ে বহুত ৰহস্যজনক কাহিনী। বিশেষকৈ শেষৰ ফাললৈ থকা "সি" টোৱে এটা বেলেগেই অৰ্থ বহন কৰিছে। অতিপাত সুন্দৰ হৈছে। লিখি গৈ থাকক কিয়নো আপোনাৰ লিখনিয়ে পাঠকক এটা বেলেগেই আমেজ দিয়ে। এটি নতুন ৰহস্যময় সাঁথৰৰ অপেক্ষাত..........

    ReplyDelete
    Replies
    1. আপোনাক অতিকে ধন্য়বাদ জনালো । আশাকৰো এনেদৰে আপোনালোকৰ সহাৰি পায় গৈ থাকিম ।

      Delete
  2. What an illusion....ohh my God.......

    ReplyDelete
  3. This is so well written Banajit! ✨

    ReplyDelete
  4. ভাল লাগিল বনজিত |আগলৈ অপেক্ষা কৰিলো |
    মাহী

    ReplyDelete
  5. Bohut hundor koi likhisa...agoloiu jate anekoi vl vl golpo pohiboloi pm tarei akha thakil...bohut vl lgil pohi...

    ReplyDelete
  6. Bhal lagil dei porhi, last r twist tu mojaa 😳

    ReplyDelete
  7. Porhi hosake bhal laagil
    aaru aaguwaai juwa

    ReplyDelete
  8. Bhut vl lagil pohi.... Last r twist birat mojaaa👍👍

    ReplyDelete
  9. সুন্দৰ ..লিখি যোৱা Go ahead 💚💚👍👍👍

    ReplyDelete
  10. This story sounds 90% familiar to me. I must have read something similar as a kid. Each of those words felt like I am reciting, minus the laptop, Internet, and messaging. The ringing phone gave away the originality of this story, so familiar. But I am an old Axomiya manuh living in the US. Overall, the story is short but 100% interesting. Cheers

    ReplyDelete

Post a Comment

Popular posts from this blog

শিহৰণকাৰী চুটী গল্প ভাগ ১ - short assamese horror story | by Benzwrite

এজন কেৰানীৰ ৰহস্য়ময়ী অভিযান - assamese translation of Sherlock Holmes' series "The Stockbroker's Clerk" of Aurther Conan Doyle | by Benzwrite