Posts

Showing posts from 2022

সাক্ষাৎকাৰ - অসমীয়া শিহৰণকাৰী গল্প (assamese horror story) - by Benzwrite

Image
মোৰ আগৰে পৰা এগৰাকী সুন্দৰী ছোৱালীৰ লগত ফুৰিবলৈ মন আছিল । কাৰণ মই আছিলো ল'ৰা স্কুলত পঢ়া আৰু সৰুৰে পৰা কোনো ছোৱালীৰ লগতে মোৰ প্ৰেমৰ সম্বন্ধ গঢ় লৈ উঠা নাছিল । তাতে মই সৰুৰে পৰা গোমোঠা আছিলো , কোনো মানুহৰ লগত তেনেকে কথা পাতিবলৈ মোৰ ভয় লাগিছিল । তেনেকুৱা এক শুকান জীৱনত যদি কোনো ছোৱালীয়ে উপযাচি আপোনাক নিজে লগ কৰিব মাতে আপুনি বাৰু নাযাবনে ?নিশ্চয় যাব । মোৰ লগতো তেনেকুৱাই হৈছিল ।তাই হস্পিতেল এখনৰ নাৰ্চ আছিল । দেখাত সুন্দৰ সুঠাম চেহেৰাৰ ছোৱালী জনীৰ মুখত লাৱন্য়ৰ পৰশে যেন সোণত সুৱগা চৰাইছিল । তাইৰ হাঁহিত মই মোৰ জীৱনত বিছাৰি ফুৰা অমৃতকলহৰ সন্ধান পাই গৈছিলো ।  মই তাইক হস্পিতেলৰ মৃতশালৰ সন্মূখত লগ পাইছিলো । তাই মোৰ ফালে চাই মিচিকিয়াই আছিল যেতিয়া মই সেই বিভৎস পৰিবেশৰ পৰা ওলাই আহিব লৈছিলো । তাই মোৰ কাষ চাপি আহিছিল আৰু মোক তাত অহাৰ কাৰণ সুধিছিল । মই আৰু মোৰ বন্ধুৰ এটা দুৰ্ঘটনা হৈছিল আৰু মই সেইকাৰনে হস্পিতেল আহিব লগা হৈছিল।দুৰ্ঘটনাটোত মোৰ মূৰত অলপ দুখ পাইছিলো কিন্তু মোৰ বন্ধুজন বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল । মই তাৰ কাৰণে তাত ৰখি থকা বুলি ক'লো । তাই মোক গেটৰ সন্মুখলৈ থ'ব আহিছিল আৰু সুধিছিল যে