Posts

Showing posts from July, 2021

শিহৰণকাৰী চুটী গল্প ভাগ ৩ - short assamese horror story | by Benzwrite

Image
জুন মাহৰ ফৰকাল বতৰ । ঘৰত সকলো শুই গৈছিল । মই মোৰ লেপটপৰ আগত বহি কিবা লিখি আছিলো। তেনেতে হঠাৎ মোৰ লেপটপত এটা মেছেজ আহিল । মই সঁচাকৈয়ে চক্ খাই গ'লো , কিয়নো মোৰ লেপটপত কোনো ধৰণৰ ইণ্টাৰনেট সংযোগ কৰা হোৱা নাছিল । মই আজি আবেলিৰ পৰা মোৰ সকলো ইণ্টাৰনেট বন্ধ কৰি থৈ দিছিলো । তেন্তে মেছেজটো আহিল কেনেকৈ?  চিন্তাৰ পাৰাপাৰ নোপোৱা হৈ পৰিলো। মই মেছেজটোত ক্লিক কৰিলো । তেনেতে হঠাতে মোৰ ফোনটো বাজি উঠিল । মোৰ বুকুৰ ধপধপনি যেন মই কাণেৰে শুনি পোৱা হৈ গ'লো। মই লগে লগে ফোনটো কাটি দিলো। কিন্তু ফোনটো কাট নাখালে । সি বাজিয়েই থাকিল .... খং আৰু ভয়ত ফোনটো ৱালৰ ফালে দলিয়াই দিলো । কিন্তু তেতিয়াও অবিৰতভাৱে সি বাজিয়েই থাকিল । উপায়বিহীন হৈ মই ফোনটো তুলি ল'লো আৰু তাক ৰিছিভ কৰি দিলো ।  ফোনটোৰ সিটোমূৰত মই এজনী ছোৱালীয়ে কান্দি থকা শুনিবলৈ পালো। তাইৰ কান্দোনত যেন এটা চেপি ৰখাই থোৱা ভাৱ মই অনুভৱ কৰিব পাৰিলো । তাই ক'বলৈ ধৰিলে-  "মই কি ক'ৰো ? মোক কোনেও ভাল নাপায় , সকলোৱে মোক বেয়া পায় ।মোৰ মা-দেউতায়ো মোক বেয়া পায় ।" মই সাহস গোটাই ক'লো,"কোন হয় তুমি ? " তাই এটা বিভৎস হাহি মাৰিলে আৰু পুনৰ