Posts

Showing posts from May, 2021

শিহৰণকাৰী চুটী গল্প ভাগ ২ - short assamese horror story | by Benzwrite

Image
"ক'ত আছা তুমি ?" - মই জোৰেৰে চিঞৰিলো ।মই বহুত বেয়াকৈ চিঞৰিলো। ভয় আৰু যন্ত্ৰনাত যেন মই কাতৰ হৈ পৰিছিলো । মই নিৰুপায় আছিলো। মোৰ সন্মুখত এখন বিশাল পথাৰ আছিল । যন্ত্ৰনাকাতৰ চিঞৰবোৰে সন্মুখৰ পাহাৰত খুন্দা খাই উলটি আহি পুনৰ মোৰ কাণত পৰিছিল । নিজৰ মাতত যেন মই মোৰ নিজৰে দূখবোৰ বুজিব পাৰি গৈছিলো। সময়বোৰ ইমান সোনকালে পাৰ হৈ গৈছিল যে মই ক'বই পৰা নাছিলো । সৌ সিদিনাৰ কথা আছিল তাইক প্ৰথম লগ পোৱা । প্ৰেমৰ শৰে মোক এনেকৈয়ে বিন্ধিছিল যে মই যেন নিজৰ সকলো তাইৰ মাজতে অৰ্পন কৰিব বিছাৰিছিলো। তাইৰ যাদু এনে মধুময় আছিল যেন মোৰ সমস্ত বিশৃংখল জীৱনে যেন তাইৰ পৰশত প্ৰাণ পায় উঠিছিল । মই পথাৰৰ মাজলৈ দৌৰি গ'লো । বোকাৰে ভৰা পথাৰ, পানীৰে জপজপীয়া হৈ থকা মাটিয়ে যেন প্ৰতি খোজতে মোৰ ভৰিখনক গিলিব ধৰিছে । মই মোৰ প্ৰেমিকাৰ কাৰণে তথাপিও আগবাঢ়ি গৈ থাকিলো । প্ৰতিটো স্থান তন্ন-তন্নকৈ পৰীক্ষা কৰিলো , কিন্তু ক'তো তাইৰ চিনচাব নাই । দূৰণিত এটা ভঁৰাল ঘৰ আছিল । মই সেইতোলৈ লৰ মাৰিলো , তাইক বিছাৰি বিছাৰি । তাইৰ হেনো পথাৰৰ মাজত থকা তেনে ভঁৰালসদৃশ ঘৰবোৰ বৰ ভাল লাগে । মইও লাহে লাহে থিৰাং কৰিছিলো যে যেতিয়া আমাৰ বিয়া